লোকগীত ১৫১ . বান্ধি আনন্দতে আত্মহাৰা হৈ নৃত্যগীত কৰে। “পাৰ বুতুল পাৰৰ্জেী, ছুং ৰছ ছাকজৌ। নিনি ইনি কুৰুউ দোৱান। নামপাৰাই পুইজেী নে।” সৰলাৰ্থ ও ফুলবোৰ ফুলিছে। আমাৰ মনবোৰৰ ফুলিছে আৰু আমাৰ মিঠা মিঠা কথাবোৰা বতাহৰ লগে লগে উৰি উৰি ফুৰিছে। এই সুন্দৰ আৰু পৱিত্ৰ নৱবৰষৰ দিনত ৰাভা গৃহিণীসকলেও হাত সাৱতি বহি নাথাকে। তেওঁলোকেও নিজকে পাহৰি মধুৰ উৎফুল্লিত গীতেৰে নৃত্য-গীত কৰে। ‘বুছুৰ ছম ছকফৈজৌ ৰাভা বুছৰ ছকফৈজৌ। অঘ্ৰাও আয়ুও বুছিদে, দে বুছিদে দে।” সৰলাৰ্থ ঃ আমাৰ নাচনৰ দিন আহিছে। ৰাভাসকলৰ নতুন বছৰ আহিছে। দলে দলে আনন্দেৰে নাচা আৰু গীত গোৱা। যুৱতীসকলেও যুৱকসকলৰ লগত একেলগ হৈ এই পৱিত্ৰ নতুন দিনত আনন্দ উপভোগ কৰিবলৈ আকাংক্ষা প্ৰকাশ কৰে। সেয়ে তেওঁলোকৰ সমবেত নৃত্য-গীতত প্ৰকাশ পায়— “হাছং তু’স্তৌ আংজৌ, চায় হৰাং নানং জৌ। বুস্তাই মিচান লু’গু’ নাং বু’খুন নিগি জৌ।” সৰলাৰ্থ : জাতখন সুদৰ আৰু সুখী আৰু ইয়াত অফুৰন্ত আনন্দৰ সু শুনা যায়। আহা! আমি যুৱক যুৱতীসকলে একেলগ হৈ আনন্দত আত্মবিভোৰ হৈ গীত গাওঁ আৰু নাচো। এনেবোৰ গীত উত্তৰ গোৱালপাৰা, জলপাইগুৰি আৰু কোচবিহাৰ জিলাৰ কোচা ৰাভাসকলৰ মাজত পোৱা যায়।
- *
(খ) ভালুক নাচনৰ গীত : পাতিৰাভা আৰু বিটলীয়া ৰাভাসকলৰ মাজত ভালুক নাচনৰ গীত গোৱা যায়। এই গীত সাধাৰণতে ডেকা ল'ৰসকলে আঘোণ মহৰ পূৰ্ণিমাত ওৰে ৰাতি ঘৰে ঘৰে গাই ফুৰে আৰু গৃহস্থই যি চাউল-পইচাৰে বৰঙণি দিয়ে পিছদিনাখন তাৰেই সিহঁতে