সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোক গীত ১৪৭ (খ) সাখৰ গীত। লাখৰ শব্দৰ অৰ্থ গৰখীয়া। পাতি, বিটলীয়া আৰু দাহৰি ৰাভাসকলৰ মাজত লাখৰ গীত’ পোৱা যায়। সাধাৰণতে এই গীতবোৰ কম বয়সীয়া চেঙেলীয়া ডেকা ল’ৰাবিলাকেহে গায়, বিবাহিত বা পূৰ্ণ বয়সৰ ডেকাই এই গীত নাগায়। এই গীতৰ লগত ২/৩ ফুট দীঘল দেওবাঁহৰ লে দুটা বিন্ধাযুক্ত বাঁহীৰ সু সংযত কৰা হয়। ডেকা ল'ৰাবিলাকে গৰু চৰাবলৈ হাবিলৈ যায় আৰু ইজনে সিজনক আক্ৰমণ কৰি কৰি এই গীতবোৰ গায়। এই গীতবোৰত পৰিহাস আৰু কৌতুকপ্ৰিয়তাৰ লক্ষণ দৃষ্ট হয়। ডেকা ল'ৰাবিলাকে নিজস্ব সৃজনী শক্তিৰ দ্বাৰা এই গীতবোৰ গোৱাৰ বাবে সেই ৰত তলসুলভ চিন্তধাৰাৰে প্ৰাধান্য পৰিলক্ষিত হয়। তলত কেইটিমান গীতৰ নমুনা দাঙি ধৰা হ'ল। (১) পানী পৰে চিপুৰ-চাপাৰ নাই পাৰাং ঘুমি তোৰ বাইক নাই পাং নুবুলিবি ভিনী। (২) নাক চিলকি উং-ফাৰাং তলৰ পাংখা লেখং হাতৰ শাংকা গলাৰ মণি তিৰী হেনা দেখং। (৩) হাতা কান্দে কুৰুংকাৰাং ভৈছ কান্দে দলত, তোৰ বইনী ডুলকা বাঁশৰ তলত। (৪) বাং বাং নলী টাং মাটি খুলে শুই, তোৰ বইনী মৰি গিছে কায় দিব জুই। (৫) গৰু মিল, গৰু মিল লাখ, অ’ লাখৰ তোলা গৰু মেনা কিৰে বাবে কান্দে ময়না। অ’ লাখ জংগলে লুকায় ও লাখ অ' বা আৰো নদী টাং, তেল গৰু আৰত সোমাৰ ৰে না। বহি আছে।