১৪৬ ৰাভা জনজাতি ৰংৰইচৰ গীত (ক) পাতিৰাভাৰ বহুঙী গীত। বহুঙী বা বগেজাৰী গীতবোৰ মতা-তিৰোতাৰ মাজৰ আক্ৰমণ প্ৰত্যাক্ৰমণসূচক ধেমেলীয়া গীত। আজিকালি বিভিন্ন উপলক্ষ্যত ডেকা-গাভৰুৱেও এই গীত গায যদিও এইবোৰ মূলতে ডেকা-গাভৰুৰ প্ৰণযমূলক গীত নাছিল। আগতে এইবোৰ গীত বুঢ়- বুঢ়ী আৰু বয়সীয়া মতা-তিৰোতাইহে গাইছিল। যেতিযা জীয়েকক বিয়া দিছিল, তাইৰ মাক বাপেকে নতুন বিযৈ-বিফৈনীৰ ঘৰলৈ আহি মদ ভাত খাইছিল। মদৰ মিঠা ৰাগীত উৎফুল্ল হৈ পৰস্পৰে চিত্ত বিনোদনৰ বাবে এই গীতবোৰ গাই আনন্দ উপভোগ কৰিছিল। বিহু আদি ৰংৰংইচৰ অনুষ্ঠানত এনে গীত গোৱা হৈছিল। এই গীতবোৰৰ যোগেদি কোনো ব্যক্তিগত আসক্তি বা প্ৰেমৰ উন্মেষ ঘটা নাছিল ই আছিল আনন্দৰগৰৰ গীতহে। যিযেই নহওক কিয়, এই গীতবোৰ স্ত্ৰী-পুৰুষৰ গাত থকা বিবিধ বিসংগতি আৰু দুৰ্বলতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি গোৱা ব্যংগ গীত আৰু কৌতুক ৰসেৰে ৰসাল। এই গীতবোৰে অশিক্ষিত ৰাভাসকলৰ পৰ্যবেক্ষণ আৰু ৰচনা শক্তি স্বাক্ষৰ বহন কৰে। সাধাৰণতঃ এই গীতবোৰ পাতি ৰাভাসকলৰ মাজত পোৱা যায়। তাৰেই নমূনা কিছুমান তলত উল্লেখ কৰা হ'ল। নহয়না কিতো বিযানী, গোৰা মদকে, এক জোঙা গোৰা হল, আৰো জো খুজে। তাঁতে খুঁটা পুতংৰে, তাঁতেৰ খুঁটা পুতং, আমাৰ বিযানী মাছক যায ঘৰ বান্দি থং। গাছ কাটং, নাকাটং গাছ বেকেৰা, নাচিবাকে নাজানং চোতাল বেকেনা। খেৰৰে পুজিৰে, খেৰৰে পুজি, বুঢ়া-বুঢ়ী গল্প কৰে, পালাবাৰে বুধি। দুৱাৰ হেকং হেকংৰে, দুৱাৰ হেং হেকং, পুৰনি মিলি চালে, আৰৰ জোঙা দেখং। লাউ পাত ধাপা ধাপা, মিঠা নালাগে, সোণ হেনা বেটীটাক জাতই নালাগে। বেং কাজে তোত চাপৰ মাটিৰ তলত, ভাতা গিছে দিশপুৰ তিৰী কানে কত।
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৫৬
অৱয়ব