সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪২ ৰাভা জনজাতি অ’ ছোনা গিমিকায় বিছি তোৱা নামে? তোৱা দংবে নাঙি চাংবা, ছোনা মুবাৰকায়, ছোনা দৰায় অ’ দঙো কানি চিঙা মান্দায়? সৰলাৰ্থ : অ’ ভিনিহি, তোমাৰ স্বভাৱ নুবুজিলো আজি, কাৰবাবে আছা ভিনিহি শুৱনিকৈ সাজি? আছে বোধহয়, তোমাৰ ভিনীহি কোনোবা এজন মৰমৰ গাভৰু তোমাৰ কোননো সিজনী? ডেকাদল? “চিমে কাইয়ান নেমচাৰে, তংচা মুকবাৰকায়, জিব্ৰাবাব্ৰা হোৱা চিঙি, চিমে মাজাৰ বাৰায় আছাৰ মাছি ৰাংফাকায়, ঢলবকি নকজো, বায়খো হাদামিছে বান্দায়, নাৰঙি মুখাং নুজো।” সৰলাৰ্থ? আমি কুৎসিৎ মানুহ, হায়, নহওঁ দেখনিয়াৰ, পিতা-মাতা আছে আমাৰ, বাৰায় ‘মাজাৰ। আহাৰ মাহৰ বৰষুণৰ দেখিলো ঢলপানী, বায়খো পূজাত দেখিলোঁ চেনাই তোমাৰ মুখখনি। গাভৰুদল : “হাজাৰ গান্দা, ৰাংগ্ৰে আফে তং গান্দা দংচা। মুৰকায়ো মানচা দংবে মুনি শান্তি তংচা।” সৰলাৰ্থ। চন্দ্ৰ বিনে হাজাৰ তৰাই কিবা শশাভা পায়? চকুত লগা-জনৰ বিনে শান্তি নাই। ডেকা দল : “তুখুৰ মান্দায় মিলে পুৰে, কাৰাং তোৱা ক্ৰিঙে। দুখী হাংছিং ছিমকায় চাতালি, বিৰে তোৱা ক্ৰিঙে।” সৰলাৰ্থ : কপৌটিয়ে ঋণ দিয়ে উৰি আকাশত হাঁহটিয়ে দেখি থাকে জেকা চোতালত। হায় বান্ধৈ! তুমি কপৌ দূৰ আকাশৰ, হাঁহটিযে মই বান্ধৈ, জেকা চোতালৰ।

  • * * *

(গ) দাহৰি ৰাজৰ প্ৰণয়ৰু গীত। দাহৰি ৰাভাসকলৰ ৰঙাত (প্ৰাত) অবিবাহিত ডেকা-গাভৰুসকলে প্ৰণয়মূলক নৃত্যগীত পৰিবেশন কৰে। এনেৰোৰ গীতৰ মাজেৰে তেওঁলোকে মুক্ত আৰু স্বাধীনভাৱে