সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ ৰাভা জনজাতি খেলোৱা, দৰাৰ ঘৰলৈ কইনাৰ যাত্ৰাদিৰ বিধে বিধে দীঘলীয়া গীত নামতীসকলে গায়। তদুপৰি ছোৱালীবিলাকেও দৰা কইনাক উদ্দেশ্য কৰি নানান ঠাট্টা-মস্কৰাৰ বিয়া নাম গাই উপস্থিত সমজুৱাৰ মনোৰঞ্জন কৰে। কলেবৰ বৃদ্ধিৰ বাবে এইবোৰ গীতৰ নমুনা উল্লেখ কৰা সম্ভৱপৰ নহ'ল। এইবোৰ গৱেষণা সাপেক্ষ। প্ৰেম আৰু আসক্তিৰ গীত মায়তাৰি ৰাভাসকলৰ মাজত কিছুমান প্ৰেম আৰু আসক্তিৰ গীত পোৱা যায়। এইবোৰৰ সৰহভাগেতে প্ৰতিধ্বনিত হৈছে- অবিবাহিত যুৱক-যুৱতীৰ পৰস্পৰৰ যৌন মিলনৰ বাবে অস্তৰৰ আকুতি। কিছুমানত ব্যক্ত হৈছে স্বামী-স্ত্ৰীৰ অভিমানজনিত প্ৰেমৰ প্ৰতিফলন। কিছুমানত জীৱস্ত হৈ উঠিছে নাৰীৰ বিৰহ-বেদনাজনিত মনৰ ক্ষোভ আৰু কিছুমানত প্ৰকাশ পাইছে ভিনীহিয়েক খুলখালীয়েকৰ সম্বন্ধৰ মাজত থকা সৰল বা গোপন আসক্তিজনিত প্ৰেমৰ গভীৰ অনুৰাগ। ইয়াৰে সৰহভাগ গীত তেওঁলোকৰ ৰাজহুৱা ধৰ্মীয় বা কৰ্মকাণ্ডমূলক অনুষ্ঠানৰ ভিতৰুৱা, ব্যক্তিগত অনুভূতিৰ প্ৰতিফলন নহয়। (ক) বায়খো এক্কায় চায় (মাথা) : বায়খো পূজাত ‘বায়খো ত্ৰকায়' গীত অবিবাহিত ডেকা-গাভৰুসকলে পৰিবেশন কৰে। তেওঁলোকৰ ধৰ্ম কিম্বা বিশ্বাসমতে বসুমতী আৰু কোনো অজানা পুৰুষৰ যৌন মিলনতহে পৃথিৱীত জনন শক্তিৰ বিকাশ হৈছে। এই সৃষ্টি কল্পনাক কেন্দ্ৰ কৰিয়েই তেওঁলোকেও এই উৎসৱত ডেকা-গাভৰুৰ প্ৰণয়মূলক নৃত্য-গীত পৰিবেশনৰ দ্বাৰা, যৌন মিলনৰ এটি অনুভূতি যোগাবলৈ বসুমতীক ইংগিত দিয়ে যাতে তেওঁলোকৰ খেতি পথাৰ শস্যৰে নদনবদন হয়। বিবাহিত কোনো মতা-তিৰোতাই এই নৃত্য-গীতত অংশ গ্ৰহণ কব্বি নোৱাৰে, এনেকি শ্ৰোতাও হব নোৱাৰে। এই নৃত্য-গীত ওৰে ৰাতি পৰিবেশন কৰা হয়। ডেকা বা গাভৰুৰ যিকোনো দলৰ নায়ক বা নায়িকা নৃত্য-গীতত পৰাজিত হ'বলগা হ'লে বাধ্যতামূলকভাৱে সিদিনাই তাৰ প্ৰতি দ্বন্দ্বী নায়িকা বা নায়কে সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হ'ব লাগে। তদুপৰি আন কোনো ডেকা-গাভৰুৰ মাজতো এই প্ৰণয় ভাব জন্মিলে সিহঁতৰ মিলন হোৱাত কোনো বাধা নাই। বৰং এই দাম্পত্য মিলনক পৱিত্ৰ মিলন বুলিহে ধৰি লোৱা হয়। এই গীতৰ নমুনা কেইটিমান তলত উল্লেখ কৰা গাভৰুদল : “আলি আলি বেলি আলি চিনাজোক চিনো নাচিনে ছালে, বাতাপাৰা লোকৰ বাতাপাৰা লোেক (হছে ) ৰা হছু দুইবা, দয় ফাগুন ভংচা, তা যায়, মন খুলে,