সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৮ ৰাভা জনজাতি জ্ঞাতি কুটুম্বসকলে সমস্বৰে গায়— “অ’ বাবাৰে, ক’ত গেলিৰে আমাক এৰিয়া বাবা কত গেলিৰে আমাক ঘৰিয়া বাবা নিজৰ হাতে ভাজিলং ভাজিলং বাবা খাইয়া যা খাইয়া যা বাবা' 99 + + + “অ' বাবাৰে, বাগে হুইয়া নলবি নলবি জনম ঝাপ পাৰেয়া মাৰিব মাৰিব তোক। ছুৱাৰ হইয়া নলবি নলবি জনম, জাল পাৰেয়া মাৰিব মাৰিব তোক। চৰে হুইয়া নলবি নলবি জনম, গুষ্ঠী আহিলে মাৰিব মাৰিব তোক।” মানুহ জন্ম নাপাই অন্য জন্ম পালেও তেওঁলোকে কামনা কৰে সাক্ষাত পৰিচয় আৰু যোগসূত্ৰ “গুগু হইয়া দিবিৰে মোকে দেখা, চাক হইয়া কবিৰে মোকে কাথা। মুচি হইয়াৰে খুজিবি খুজিবি পানী, বাটি ভৰাইয়া দিমৰে তোক আনি।” (ঘ) দাহৰি ৰাভাসকলৰ তৰঙত ভূত-প্ৰেতাদি খেদা গীত ও দাহৰি ৰাভাসকলে তৰঙাৰ (আদ্যশ্ৰাদ্ধ) পিছতো মৃতকৰ ঘৰৰ পৰিবেশৰ কোনো ঠাইত শ্মশানৰ ভূত-প্ৰেতাদি লুকাই থাকে বুলি সন্দেহ কৰে। সেয়েহে শ্ৰাদ্ধৰ কাম সমাপন হৈ যোৱাৰ পিছতো সমাজৰ প্ৰত্যেক মানুহে গৃহস্থৰ প্ৰত্যেক চাল-বেৰ, বাৰীৰ গছ-গছনি, খেৰ-পুঁজি আদিত মাৰি বা লাঠিৰে কোবাই কোবাই ভীষণ শব্দ কৰে, যাতে কোনো ঠাইত লুকাই থকা ভূত-প্ৰেতাদি ভয়তে পলাই যায় আৰু লগে লগে তলৰ গীতফাকি উচ্চ সুৰে গাই ভীষণ কোঢ়াল লগায়। “হিউ হিউ তয় খালিছ (ভাই), ময় খালিছা একটা বিলৰ মাছ, তয় মৰিলে মই মৰিলে কোমৰত ধনিয়া নাচ।” (৩) কোটা জগৰ এৰত। কোচ ৰাভাসকলেও আদ্যা কিনা মৃত আত্মক মায়চকো (ভাত-আজ) অৰ্পণ