সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০ ৰাভা জনজাতি দিনা সন্ধিয়া নিয়োজিত ওজাপালিসকলে প্ৰত্যেকজন গৃহস্থৰ ঘৰৰ চালে চালে চাউলৰ পিঠাগুৰি চটিয়াই যায়। ইয়াক ‘নোক জুমকায়’ বলে। এই সময়ত গোৱা কিছুমান গীতৰ এফাকি তলত উল্লেখ কৰা হ'ল— “ফই ফই হাছি ছানি কুৰি ছাওৰাংও কুৰি ছানি চিংবা তোবালাতি, কুৰি খেৰে ছানা লাগিয়া চিংবা তোখা গান্দা-ছে পুই খেৰেছে ছাই ৰেঙা লাগিয়া।” সৰলাৰ্থ ও আহা, আহা ল'ৰা-ছোৱালীবিলাক। আহা, আমি চাটক-চকোৱাৰ দৰে হাঁহি-ধেমালি কৰি কাম কৰি খাই যাওঁ। আহা, আমি কাউৰীবোৰৰ দৰে উৰি খেলি জীৱন ধাৰণ কৰোঁ। এনেবোৰ গীতে উঠি অহা ল'ৰা-ছোৱালীবিলাক কৰ্ম প্ৰেৰণাৰ এটি ইংগিত দিয়ে। ‘নোকজুমকায়’ কৰি তেওঁলোক প্ৰধান ওজাৰ (পূজাৰী) ঘৰলৈ গৈ ‘হৈ মাৰু গীত গায়। এই গীত ওৰে ৰাতি গায়। পূজাৰ থলীতে এই গীত লানি নিছিগাকৈ গাই থাকে। এই গীত বৰ দীঘল। তলত এফাঁকি উল্লেখ কৰা হ'ল। “হৈ মাৰু হৈ মাৰু, আ-হা বিছাই দু'মচা মাই বাদি আয়া তামাই, ছেংদা চোঙা হাদামি দুমচাই বা আয়া তামাই বি হাওয়ো মানিমু’ং আয়া তামাই হানু হাওয়ো মানিমুং আয়া তামাই খুছানতিনি হাবাংয়ে মানিমু’ং আয়া তামাই খুমানতিনি মানিমু’ং আয়া তামাই।” অসমীয়া অৰ্থ : হে আই তামাই! তুমি কিয় কঠীয়াতলীত নগজা? আহু পথাৰত নগজা? শালি পথাৰত নগজা? যদিহে নল-খাগৰি আৰু বিৰিণা কৰ পথাৰত নগজা, তথাপি বৰষুণ হোৱা পথাৰত, দিনৰ বেলিকা সূৰ্যৰ তাপ পোৱা আৰু ৰাতি চন্দ্ৰৰ পোহ পোৱা ঠাইত গজিবা। হে আই তামাই, তুমি দ আৰু সাৰুৱা মাটিত গজিবা। এইবোৰ বন্দনা জাতীয় গীত। ইয়াত ‘তামাই' সম্বোধনে লক্ষ্মীকেই নিৰ্দেশ কৰিছে, 'যাক কৃষিৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে পূজা কৰা হয়। পূজাৰ থলীলৈ যোৱা পথত কাঠেৰে এটি কৃত্ৰিম ‘কিল্লা' অৰ্থাৎ দুৰ্গ সজ্জিত কৰা হয়। পূজাৰ অন্তত ওজাৰ ঘৰলৈ উভতি আহোঁতে পূজাৰ থলীলৈ যোৱা আৰু নোযোৱা মানুহবিলাকৰ মাজত এই কিন্নাত কৃত্ৰিম যুদ্ধ হয়। ইয়াক ‘ কিল্লা ভঙোৱা’ অনুষ্ঠান বুলি