সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্ম ১২৭ নিজৰ শাৰীৰিক অবয়ব অনুভৱ কৰি তাই প্ৰকাশ কৰিলে নালঙক। তায় ঋষি বংশধৰ আৰু নালং বীৰ বংশধৰ। পাপ হ’ল সিহঁতৰ লোকচক্ষুৰ অন্তৰালত। আনপিনে সমাজত পাপৰ কলংক বহন কৰা এই চিন্তাত সিহঁত হৈ পৰিল আবেগিক। শেষত উভয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে মানুহৰ দৃষ্টিৰ অগোচৰে মৃত্যু বণ কৰিবলৈ। ৰখন-চি’ আৰু তুখুৰ চি' নৈৰ সংগম সোঁতৰ পাৰত শাপদ সংকুল অৰণ্যৰ মাজত খেৰি ঘৰ সাজিলে। দুয়ো এই খেৰি ঘৰত সোমাই জুই লগাই দিলে। সহ্য নহ'ল সিহঁতৰ জুইৰ দহন জ্বালা। বাধ্য হৈ দুয়ো বেৰ ভাঙি লৰ মাৰিলে দুয়ো ফালে। নালঙে জাপ দিলে নৈৰ গভীৰ পানীত আৰু তথ্ৰায়ে লৰ মাৰিলে নিবিড় অৰণ্যলৈ। ফলস্বৰূপে নালং এবিধ মাছলৈ আৰু তঘ্ৰায় এবিধ চৰাইলৈ ৰূপান্তৰিত হ'ল। এইদৰে সিহঁতৰ দাম্পত্য জীৱনৰ অৱসান ঘটিল। ৰাভাসকলৰ মতে এয়ে নালং মাছ আৰু তথ্ৰায় চাৰ জন্ম কাহিনী। ৰাভাসকলে বিশ্বাস কৰে যে, যেতিয়া তথ্ৰায় চৰাইয়ে মাতিবলৈ ধৰে, কোনো নৈ বা নিজৰাৰ পাৰত, তেতিয়া নালং মাছবোৰ ওলাই আহে পানীৰ তলৰ পৰা। কুম্বায়চুঙৰ কাহিনীৰ যোগেদি এজন ধনী, কৃপণ, অহংকাৰী, নিৰ্দয় মানুহ কুম্বায়চুঙে’ সৃষ্টি কৰ্তাৰ (সংসাৰ মাধ্যায়) প্ৰভাৱত কেনেকৈ গাঁৱৰ এজন সংগঠক, সমাজ সংস্কাৰক, দয়ালু আৰু উদাৰ জননেতা হৈছে তাৰেই জ্বলন্ত চিত্ৰ প্ৰতিফলিত হৈছে। ‘ছিছু গিনাল’ৰ কাহিনীৰ যোগেদি ৰাভাসকলৰ মতে- ‘শিহ আৰু ঘৰিয়ালৰ জন্ম কাহিনী পোৱা যায়। সেই কাৰণে ৰাভাৰ হংদাম’, হক, মাজাৰ আৰু বাষ্ঠো’ বাৰায়ৰ (গোত্ৰৰ) মামা-দাদা (পূৰ্বপুৰুষ) জলজন্তু শিহু আৰু ঘৰিয়াল। লগতে ৰাভাসকলৰ প্ৰাচীন বীৰ ছিছু’, ‘গিনাল’ আৰু বীৰাংগনা সন্ধ্যাচা’ ৰাচাৰ বীৰত্বৰ পৰিচয় পোৱা যায়। জাগ্নাং-মেমাং’ (ভূত-প্ৰেত) সাধুৰ জৰিয়তে স্পষ্টীকৰণ হয় যে, অতীজতে ৰাভাসকলে ভূত-প্ৰেতক বিশ্বাস কৰা নাছিল। তেওঁলোকে নানা ভূত-প্ৰেতৰ পূজাৰম্ভ কৰা আৰু জন্মান্তৰবাদ স্বীকাৰ কৰা বুলি প্ৰবাদ আছে সদ্য বিধবা হোৱা তিৰোতা এগৰাকীৰ চোতালত ঘটা ঘটনা এটিৰ পৰাইহে। ৰাভাসকলে জন্মাবাদ স্বীকাৰ কৰিলেও কিন্তু মৃত্যুৰ পিছত জীৱাত্মাই কিছুদিনৰ বাবে ভূত-প্ৰেতাদিৰ ৰূপত থকা বুলি বিশ্বাস কৰে। নলুৱা-চ- গো’– সাধুটিৰ কাহিনী বিন্যাস দীঘলীয়া। বন্দন-চন্দন, নিমনি, নিজনি এই চাৰিটি চৰিত্ৰই এই কাহিনীৰ কেন্দ্ৰস্থান লাভ কৰিছে। এই কাহিনী যোগেদি স্বৰ্গৰ দেৱতা আৰু মানুহৰ মাজত যোগসূত্ৰ স্থাপন, পশু-পক্ষীত মানবীয় গুণ আৰোপ, মানবীয় প্ৰেম আধ্যাত্মিক প্ৰেমলৈ ৰূপা, ৰাভাৰ সামাজিক আৰু ব্বৈাহিক ৰীতি, ৰাভা নৃত্য গীতৰ জন্ম আৰু ভয় আৰু ভক্তিৰ দ্বাৰা কেনেকৈ ৰাভাসকলৰ মাজত স্বৰ্গ দেৱতাৰ পূজাৰ সৃষ্টি হৈছিল তাৰ উমান পোৱা যায়। ৰচকে দৈৱশক্তিক প্ৰতিপন্ন কৰি দেখুৱাইছে নিমনি আৰু নিজনিক দিয়া অভিশাপৰ দ্বাৰ। এই কাহিনী সখা-সুখাস্ত সংমিশ্ৰণ।