সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ ৰাভা জনজাতি মায়া বিদ্যাও জানে। ডাইনীৰ প্ৰতি বিশ্বাস আৰু ভয় ৰাভাসকলৰ মাজত এতিয়াও বিদ্যমান। চন্দ্ৰকলাৰ দৰে বাঢ়ি বসুন্দৰ পূৰ্ণ যৌৱনত উপনীত হ’ল। তাৰ ৰূপ-যৌৱনত কাঞ্চাৰাজু তিকাৰৰাজু আকৰ্ষিত হ'ল। পূৰ্বৰ প্ৰতিশ্ৰুতি মতে বসুন্দৰ আৰু তথ্ৰায়ৰাজৰ বিয়াৰ সমাৰোহ হ'ল। কিন্তু, মায়া বিদ্যাৰ বলত নিজে তদ্ভুয়ৰাজুৰ ৰূপ ধাৰণ কৰিলে আৰু তথ্ৰায়ৰাজুক নিজৰ ৰূপত ৰূপান্তৰ কৰি তাইহে (কাঞ্চাৰাজু) বসুন্দৰৰ লগত বিয়া হ'ল। বিবাহান্তে নিজৰ ৰূপ প্ৰকাশ কৰাত তহ্লায়জুৰ শশাকে-দুখে বেদনাসিক্ত হৈ মাকৰ ঘৰলৈকে প্ৰত্যাবৰ্তন হ'বলগা হ'ল। মৰ্মাহত হ’ল বসুন্দৰৰ। এদিনাখন কৌশলেৰে কাঞ্চাৰাজুক নদী এখনত স্নান কৰাবলৈ নি বসুন্দৰে তাইৰ ডিঙিটো কাটি পেলালে কিন্তু, তাই যাদুবিদ্যাৰ বলেৰে কটামূৰেৰে তাক খাবলৈ খেদি গ'ল। সি এডাল বটবৃক্ষত উঠিলেগৈ। কটা মূৰটোও গছত উঠিবলৈ ধৰিলে। তেতিয়া বসুন্দৰে বাপেকক স্মৰণ কৰাত ধ্যানমগ্ন ঋষি বাপেকে দুটা তাল গাহৰি পঠাই দিলে কটা মূৰটোক ধ্বংস কৰিবলৈ। কটা মূৰটো ধ্বংস হ'ল। তাৰ পিছত বসুন্দৰে তজ্জ্বায়ৰাজুক আনি বিয়া কৰালে। শেষত তাইক কাঞ্চাৰাজুক বধ কৰাৰ গোপন কথা প্ৰকাশ কৰিলে। এদিন অক্ষ্ময়জুৱে বসুন্দৰক লৈ মাকৰ ঘৰলৈ গ'ল। মাক তাই কাঞ্চাৰাজুৰ মৃত্যু ৰহস্যৰ কথা ক'লে। মাকে তেতিয়া তাইৰ কন্যাৰৰ এই পৰিণতি হব বুলি ভাবি ককায়েক মাৰাংগা’ক ক'লে। বসুন্দৰৰ এই গৰ্হিত কামত মাৰাংগাৰ খং উঠিল। সি বসুন্দৰক মাৰ্বিলৈ খেদি আহিল। বসুন্দৰ ভয়তে স্তমান হৈ ঘৰমুখে দৌৰিবলৈ ধৰিলে। তাক ঘূৰাই আনিবলৈ পিছে পিছে অক্ষ্ময়জুও দৌৰ্বিলৈ ধৰিলে। তেতিয়াই মাৰাংগাই মায়া বিদ্যাৰ বলেৰে সিহঁতক পথভ্ৰষ্ট কৰিলে। বিৰাট সৰোবৰ, বিশািৰ কুন। তাৰ মাজে মাজে অসংখ্য ডাঙৰ ডাঙৰ ফৰিং। সুন্দৰে ডোকতে সেই মায়া ফৰিংবোৰকে খাবলৈ খুজিলে। তাই স্বামীক কেঁচা ফৰিং খাবলৈ বাধা দিলে। ফৰিং পুৰি খাবলৈ তাই জুই বিচাৰি গ'ল নিকটবৰ্তী এখন মায়াগাঁৱলৈ। জুই লৈ আহোঁতে তুইৰ পলম হ'ল। বসুন্দৰে কেঁচা ফৰিং খাই এটি বিৰাটকায় পক্ষীত ৰূপান্তৰ হৈ আছে। উদবাউল হৈ তাই তাক সাৱটি ধৰিবলৈ যায়, সি দেও দি দি উৰি পলায় আৰু মাটিত বাগৰি পৰে। শেষত সি দিগ-দিগন্তলৈ উৰি গুছি যায়। অনিমিষ নয়নে কিছুক্ষণ চাই থাকি তাই মূৰ্চিত হৈ বাগৰি পৰিল। প্ৰকৃতি হোৱাত চকুলো টুকি টুকি মাকৰ ঘৰলৈ গ'ল। তাই দাম্পত্য জীৱন অপূৰ্ণ হৈ ৰ'ল। এই সাধুটিৰ যোগেদ্ধি ৰাভা জাতিৰ এটি সামাজিক পৰিবেশৰ সুৰ চিত্ৰণ প্ৰতিফলিত হৈছে। লগতে প্ৰতিফলিত হৈছে যাৰ প্ৰভাৱ। কোনোৱে নুই কৰিব নোৱাৰে যৌৱনক। তয়েও নোৱাৰিলে। কোনো এক দুৰ্বল মুহূৰ্তত তাইৰ গোপন মিল হল নালঙৰ লগত। যথা সময়ত গৰ্ভৱতী হ’ল অস্থায়