১২৪ ৰাভা জনজাতি কেঁচুৱে সেই বোকা মাটিবোৰ গাঁথি গাঁথি পৃথিৱীৰ ওপৰ ভাগত পাহাৰ-পৰ্বত, নদ- নদী, খাল-বিল আদিৰ সৃষ্টি কৰে। শেষত মানুহৰ লগতে নানা জীৱ-জন্তু, পোক- পৰুৱা, কীট-পতঙ্গ, হাবিকন, গছ লতা আদিৰ সৃষ্টি কৰে। সৰ্বশেষত এটা প্ৰকাণ্ড কাছৰ সৃষ্টি কৰি তাৰ ওপৰত এই সুন্দৰ পৃথিৱীখন স্থাপন কৰে। ৰাভাসকলৰ বিশ্বাস যে, যেতিয়াই কাছটোৱে লৰচৰ কৰে, তেতিয়াই পৃথিৱীখন কঁপি উঠে। ইয়াকে তেওঁলোকে ‘ভূঁইকপ হোৱা বোলে। এতিযাও ৰাভাৰ বুঢ়া-বুঢ়ীসকলে তেওঁলোকৰ পোনাতিসকলক এই পৃথিৱীৰ সৃষ্টিৰ কাহিনী ক্য। এই কাহিনীৰ যোগেদি ৰাভাসকলৰ ‘বিশ্ববিজ্ঞানৰ (cosmology) পৰিচয় পোৱা যায়। ৰাভাসকলৰ মতে ‘ৰিছিয’ (ঋষি দেৱতা) ৰাংকাৰাঙত (স্বৰ্গত) বাস কৰিছিল। ৰিছি দেৱতাই পৃথিৱীৰ সৃষ্টিকৰ্তা। তেওঁৱে তাকব্ৰাক পৃথিৱীখনত শাসন কৰিবলৈ আদেশ দিয়ে। ৰিছি দেৱতাই পৃথিৱীত পোনতে বিভিন্ন মানৱ-গোষ্ঠীৰ সৃষ্টি কৰে। তাৰেই এটা গোষ্ঠী ৰাভাজাতি। এই ৰিছি দেৱতাই ৰাভাসকলৰ স্বৰ্গৰ পৰা পৃথিবীত বাস কৰিবলৈ নমাই আনে। ৰাভা ভাষাত বাবা মানে লৈ অহা। সেযে এই জাতিটো ৰাবাৰাভা’ বুলি পৰিচিত হয়। বৰ্তমান বৈজ্ঞানিক বিশ্লেষণ মতে, ৰাংকাৰাং’ (স্বৰ্গ) স্থানটিয়ে নিৰ্দেশ কৰে তিব্বতীয় অঞ্চল আৰু পৃথিমী (পৃথিৱী) স্থানটিযে নিদেৰ্শ কৰে হিমালযৰ দক্ষিণাংশ ভাৰতভূমিক। এই সাধুটি এতিয়াও ৰাভাসকলৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আছে। ৰিছি। দেৱতা হৈছে তেওঁলোকৰ প্ৰধান দেৱতা যাক নেকি স্মৰণাতীত কালৰ পৰাই ভক্তি আৰু বিশ্বাসেৰে পূজা কৰি আহিছে। এই কাহিনীৰ যোগেদি ৰাভাসকলৰ প্ৰাচীন আতিগুৰি আৰু প্ৰব্ৰজনৰ (ongin and migration) এটি সন্ধান পোৱা যায়। দান’ ৰজাৰ ৰাণী ‘তোবা’, ‘নদাই ৰজাৰ ভাগিনীয়েক। ভাগিনী জোঁৱায়েক বীৰ মাত্ৰেী ৰজাৰ প্ৰধান সেনাপতি। দদান প্ৰজাৰঞ্জক ৰজা। প্ৰজাসকল শান্তিৰে বিৰাজমান। দূৰৱৰ্তী স্থানৰ কাশী ৰজাই দদান ৰাজ্যৰ অতুল ঐশ্বৰ্যত ঈৰ্ষাকাতৰ হয়। যুদ্ধ ঘোষণাৰ বাবে দূত বাচুৰি-চাচুৰিক দদান ৰজাৰ ওচৰলৈ প্ৰেৰণ কৰে। সিহঁত তামোল-পাণৰ বেপাৰী ৰূপে উপস্থিত হয় দদানৰ সন্মুখত। ৰাজপথত দূত দ্বয়ে অচিনাকি নদাইক ঠাট্টা-মস্কৰ কৰে। নদাইয়ে নীৰৱে সহ্য কৰে। সিহঁত ৰজা দদানৰ সন্মুখত যুদ্ধ ঘোষণাৰ প্ৰভাৱ জনায়। যথা সময়ত ‘চেপনশিলা’ (বৰ্তমানৰ বামুণডাঙা) পাহাৰত তুমুল যুদ্ধ হয়। যুদ্ধক্ষেত্ৰত মাৰুক্ষেত্ৰীৰ লগত পত্নী নদাইয়ো অবতীৰ্ণ হয়। যুদ্ধত ঠাৱবি নোৱাৰি কাশী জাই চেপশিলা পাহাৰ শিলৰ চেপাত লুকাই গৈ। বীৰ মাৰুক্ষেত্ৰীয়ে সম্মুখ যুদ্ধত কৰণত কাঁড় মাৰি কাশী ৰজাক বধ কৰে। এই সাধুটিৰ যোগেদিও ৰাভাসকলৰ প্ৰাচীন বীৰীৰাংগনাৰ পক্তিৰ পোৱা যায়।
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৩৪
অৱয়ব