সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ ৰাভা জনজাতি (৫) কোনো বিশেষ উদ্দেশ্য লৈ যাত্ৰাৰ কৰা সময়ত কোনো বিশেষ উদ্দেশ্যক লক্ষ্য কৰি ঘৰৰ পৰা যাত্ৰা কৰি ওলাওঁতে যদি ভৰিৰে উজুতি খোৱা যায় নাইবা ক'ৰবাত থেকেচা খোৱা যায় তেনেহ'লে যাত্ৰা নাস্তি হয়। সেই সময়ত পিছফালৰ পৰা মাকে স্বাভাৱিকভাৱে (ইচ্ছাকৃতভাৱে নহয) কিবা এটি কথাৰ বাবে মাত লগায, সি শুভ লক্ষণ, কিন্তু আন মানুহে মাতিলে উদ্দেশ্য সাধনত বাধাপ্ৰাপ্ত হয়। তদ্ৰপ বাটত গৈ থাকোঁতেও পিছফালৰ পৰা আন মানুহে মাতিলে যাত্ৰা শুভ নহয়। সপ্তাহৰ ভিতৰত সোমবাৰ আৰু শনিবাৰে পূবে, ৰবি আৰু শুকুৰবাৰে পশ্চিমে, মঙ্গল আৰু বুধবাৰে উত্তৰে আৰু বৃহস্পতিবাৰে দক্ষিণে যাত্ৰা কৰা একেবাৰেই নিষেধ কোনো উদ্দেশ্য সাধন নহয়। ৰাভাসকলৰ বিশ্বাস মতে কাতি মাহৰ ভিতৰতহে পছন্দ হোৰা ছোৱালীৰ বিয়া ঠিক কৰিবৰ বাবে যাত্ৰা কৰিব লাগে। এই মাহত চুক্তি হৈ বিবাহ সম্পাদন হলে দাম্পত্য জীবন অতি সুখকৰ হয়। সেযে সমাজে এনেকুবা বিবাহক স্বীকৃতি দিছে। যাত্ৰা কৰোঁতে বাটত সোঁফালে সাপ নাইবা বাওঁফালে শিল সন্মুখেদি অতিক্ৰম কৰিলে যাত্ৰা শুভ হয়। ঘৰৰ পৰা ওলাওঁতে পিছফালৰ পৰা ঘৈণীযেকে মতা অশুভ যাত্ৰাৰ চিন, কিন্তু লৰা ছোৱালীযে মাত লগোৱা শুভ যাত্ৰাৰ সময়ত বা যাত্ৰাপথত কোনো শৰযাত্ৰা নাইবা কাউৰী শগুণে কোনো মৰাশ খাই থকা দৃশ্য দেখিলে যাত্ৰাৰ উদ্দেশ্য সফল হেবা বুলি বিশ্বাস কৰে। মাটি খন্দা বা খৰি বা কাঠ কাটি থকা দেখাও অশুভ লক্ষণ। যাত্ৰাৰ সমযত নাপিত, তেলী, দাড়ি গোঁফ নথকা মতা মানুহ নাইবা গোঁফ থকা তিৰোতা মানুহ, বাঁজী বা বঁজা মানুহ বা নপুংসক মানুহ দৰ্শন কৰা কা বিঘিনিৰ বিশিষ্ট লক্ষণ। যাত্ৰাৰ আগ মুহূৰ্তত বাৰীৰ চৌহদত থকা কলগছ বিনা বাহে বাগৰি পৰা, যিকোনো গছৰ ডাল ভাগি পৰা, গছৰ ডালত কাউৰীযে কৃত্ৰিম সুৰত মাত মতা, ফেঁচাই নিউ নিউ কৰা, পানীশূন্য পাত্ৰ দেখা, মেকুৰীযে যুজ কৰা, কুকুৰে কামোনা কামুৰি কৰা ইত্যাদি শুভ যাত্ৰাৰ অশুভ লক্ষণ। (৬) সপোনৰ ক্ষেত্ৰত ঃ সপোনৰ প্ৰতি ৰাভাসকলৰ অগাধ বিশ্বাস। উদাহৰণ স্বৰূপে ৰাতি সপোনত জোকে বা সাপে কামুৰিলে নিজৰ বা ঘৰৰ পৰিয়ালৰ অমংগল হয় বুলি ভাবে। কোনো কোনোৱে জোকক ডাইনী আৰু সাপক শত্ৰু বুলি ভাবি সতৰ্ক হৈ থাকে। সোঁত থকা নদী বা পাহাৰ-পৰ্বত অতিক্ৰম কৰি ঘৰলৈ উভতি অহা সপোন দেখিলে, অভীষ্ট কাৰ্যত অতি সোনকালে কৃতকাৰ্যত লাভ হব বুলি ভাবে। কিন্তু ঘৰ আহি নেপাই হঠাতে সাৰ পালে কামত সফলতা নহ'ব বুলি ভাবে। দাঁত সৰা বা বৃহৎ গছ ভাগি পৰা সপোন দেখিলে কোনো মানুহৰ অচিমৃত্যু হ'ব বুলি ভাবে। সপোনত হাতীয়ে খেদিলে সি যদি নিজৰ ধানৰ ভঁৰালত আহি লুকাই সাৰিব পাৰে, তেওঁৰ হেনো ক্ৰমে সম্পত্তি বাঢ়ি আহে। কেননা মানুহক মৰা সপোন দেখিলে,