পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ ৰাভা জনজাতি কৰ্মত পাকৈত হয়। জীয়া চেং' মাছেৰে সন্তানটিৰ গাত বা ভৰিত স্পৰ্শ কৰালে বা কৰোৱালে ডাঙৰত প্ৰত্যেকটো কামতে পাৰ্গত আৰু জবজীয়া হয়। আখৈ ভাঙ্গেীতে যিটো আখৈ প্ৰথমে ফুটি মাটিত পৰে, সেই আখৈটো কেঁচুৱা অৱস্থাতে খুৱালে ডাঙৰত স্পষ্টবাদী হয়। পাতি ৰাভাসকলৰ বিবাহ অনুষ্ঠানৰ ভোজনৰ সময়ত তিৰোতাসকলে ন দৰা-কইনাক আশীৰ্বাদ দিয়ে। ভোজনশালাৰ সোঁমাজতে চাকি বন্তি জ্বলায়। তাৰ সন্মুখত নৱ- দম্পতিয়ে আঁঠু লৈ সেৱা লয়। সেই সময়ত তিৰোতাসকলৰ তৰফৰ পৰা দুখুন কাঠৰ পীৰা দৰা-কইনাৰ প্ৰত্যেককে বোকোচা দিয়ে। দৰা-কইনাই পীৰা বোকোচা লৈ তিৰোতাসকলৰ ভোজনৰ পাত বা দোনাবোৰ পাচিত ভৰাই মূৰত তুলি পেলাব লাগে। পীৰা বোকোচা দিয়াৰ সময়ত যদি দৰা বা কইনাই লাজতে নলয় বা কাঠৰ পীৰাখন মাটিক পেলাই দিয়ে বা খঙতে দলিয়াই পেলায়; তেতিয়া সিহঁতে ল'ৰা- ছোৱালীৰ (সন্তান) মুখ দেখা নাপায়। উপযুক্ত কাৰণ দৰ্শাই স্বামী-স্ত্ৰীয়ে এখিলা পাণত ধৰি পাণ চি-চিৰি কৰি বিচ্ছেদ হোৱা ৰীতি ৰাভা সমাজৰ বিধিস্বীকৃত। এই পাণ চি-চিৰি কৰোঁতে যাৰ ভাগত পাণখিলাৰ বেছি অংশ থাকে, সেইজনেই প্ৰথমে দ্বিতীয় সংসাৰ কৰিবলৈ সুযোগ পায় বুলি বিশ্বাস কৰে। (২) পূজা-পাৰ্বণৰ ক্ষেত্ৰত। ৰাভাসকলৰ কিছুমান দেৱদেৱীৰ পূজাত বলি-বিধান ব্যৱস্থা আছে। এই বলিবোৰ হৈছে- মহ ছগলী, হাঁহ, পা, কুকুৰা। পুৰোহিতে এই বলিবোৰ বলি দিওঁতে একে ঘাপে একে পেতে দুটুকুৰা কৰিব লাগে। দুটুকুৰা কৰিব নোৱাৰিলে পুৰাহিতক অশুচি অৱস্থাত থকা বুলি জগৰীয়া সাব্যস্ত কৰে। তাৰ ফলত দেৱ- দেৱীয়ে অসন্তুষ্ট হৈ ৰাইজৰ অশেষ ক্ষতি সাধন বা অমংগল কৰিব পাৰে বুলি দৃঢ় বিশ্বাস কৰি আহিছে। ৰংদানি-দাহৰি ৰাভাসকলৰ ‘খখাচি’ পুজাৰ সময়ত ২০/২৫ হাতমান দীঘল আৰু ৫/৬ ফুটমান বহুল জ্বলন্ত জুইৰ আঙঠাৰ ওপৰেদি পুৰোহিতসকলে নৃত্য-গীত পৰিবেশন কৰি যায়। এনে ক্ষেত্ৰত যদি কোনো পূজাৰীৰ ভৰিৰ তলুৱা, আঙুলি আদি পোৰে বা জ্বলা উঠে, ই অতি বেয়া লক্ষণ। কোনো পূজাৰীৰ এনে লক্ষণ পৰিলক্ষিত হলে তেওঁক অসুচি বুলি সাব্যস্ত কৰে আৰু তাৰ দ্বাৰা ৰাইজৰ অশেষ অমংগল হয় বুলি পূৰ্বৰে পৰা অগাধ বিশ্বাস কৰি আহিছে। পূজা মণ্ডপত চাকিত্তি পুৰোহিতে এবাৰতে জ্বলব পাৰিব লাগে, নহ'লে পুৰোহিত ব্যক্তিগত অশুচিৰ লক্ষা। প পূজা ক সময়ছেৱাতে যদি জোৰ বতাহ বলি নথকা সত্বেও লন্ত চাকি নিৰ্বাপিত হৈ যায়, সিও পুৰোহিত অচিন লন। তাৰ দ্বাৰা ৰাইজৰ অশেষ অমংগল সাধন হয় বুলি ফিস কৰি আহিছে। সেদেব মন্দিৰ চালৰ ওপৰত শশুশে বিষ্ঠা ত্যাগ কৰিলে প্ৰধানতঃ পুৰোহিত অপৱিত্ৰতাৰ ভাবকে ভাবি লয়, নাইবা ৰাইজৰ মাজত কোনোবাই পা ত লিপ্ত থকা বুলি বিগস কৰে।