ৰাভা জনজাতি হগচনৰ মতে-ৰাভাসকল গৰিষ্ঠ বড়ো পৰিয়ালৰ লোক। বুচানন হেমিলটনে মতামত দিয়ে—“সামাজিক, ধাৰ্মিক আৰু দৈহিক জীৱনত পানী-কোঁচৰ লগত ৰাভাসকলৰ যথেষ্ট পৰিমাণে সামঞ্জস্য আছে। আনহাতে ‘ডেল্টনে’ মত প্ৰকাশ কৰে—“ৰাভা আৰু হাজংসকল কছাৰী জাতিৰ শাখা আৰু গাৰৰসকলৰ লগত সম্বন্ধিত।” তেখেতে ভাবে “পানীকোঁচ আৰু ৰাভা একে বংশৰেই আৰু তেওঁলোকৰ গাৰৰসকলৰ লগত সম্বন্ধ আছে। এই অনুমিত পানীকোঁচ নামেই ওচৰ-চুবুৰীয়া পাহাৰীয়া গাৰোসকলৰ লগত নিজকে নিজে পৃথক কৰিছে; আৰু তেওঁলোক ৰাভাসকলৰ সামাজিক ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰত মিশ্ৰিত হৈ গৈছে।” তেখেতে আকৌ কয় -“কিছুমান আধুনিক পাশ্চাত্য মানবজাতি- তত্ত্বজ্ঞসকলৰ মতে কোঁচ, মেচ, কছাৰী, ৰাভা আৰু ধিমালসকল একেই আৰু এইসকল লোেক এটা সাধাৰণ উৎসৰ পৰাই উৎপন্ন হৈছে। কিন্তু এই সম্বন্ধত তেখেতে কয়—“কোঁচ, মেচ, কছাৰী, ৰাভা আৰু ধিমালসকল সম্পূৰ্ণ বেলেগ মানুহ। গাৰৰ আৰু কছাৰী মানুহ তেজত পৃথক, গতিকে তেওঁলোক একে জাতিৰ মানুহ হব নোৱাৰে। প্ৰাচীন কালত গাৰৰসকলক ‘ গালাস' (Garudas) বুলিহে জনা যায়।”? ‘পোৰটাৰে লিখিছে-“ৰাভাসকল বড়ো ফৈদৰ এটা শাখা।” ৬ ‘এগুেলে উল্লেখ কৰিছে-“ৰাভাসকলৰ আদি বাসস্থান আৰু ঘৰ গাৰোপাহাৰৰ উত্তৰ অংশৰ এঢলীয়া অঞ্চলত আছিল।” তেখেতে ৰাভাসকলৰ প্ৰকাশ ভঙ্গীৰ বাহন ভাষাক দুই ভাগত বিভক্ত কৰিছে।(১) উত্তৰ অঞ্চলৰ (ভোটান পাহাৰৰ) অথাৎ-ভোটা-হি-চু (ভোটাভোটান, হিঃমাটি বা ভূমি, আৰু চুঃওখ) আৰু (২) তুৰ অঞ্চলৰ। এই দুই অঞ্চলত থকা ৰাভাসকলৰ জ্ঞান, অভিজ্ঞতা, চিন্তাধাৰা আদি সম্পূৰ্ণৰূপে আৰু স্পষ্টভাবেই সীমাবদ্ধ। এতিয়াও গাৰোপাহাৰৰ উত্তৰ অংশৰ কিছুমান এঢলীয়া অঞ্চলত সংখ্যাগৰিষ্ঠ ভাবেই ৰাভা জন জাতিৰ মানুহ বসবাস কৰি আছে।” তেখেতে আকৌ উল্লেখ কৰিছে ৰাভা নামটো এটা অনিশ্চিত পদৰ ব্যুৎপত্তিগত নিৰ্ণয়। দৰং জিলাত ৰাভা জনজাতিৰ মানুহে নিজকে নিজে ‘টোটলা’ বুলি কয়। সম্ভৱতঃ ই এটা অৱজ্ঞা বা কৌতুকজনক নাম বা উপনাম। দাতিয়াল কছাৰী’ নামে আন এটি নামেৰেও তেওঁলোকক নামকৰণ কৰা হয়।” ৰাভাসকলৰ আদি উৎপত্তি অসম্পূৰ্ণৰূপে জনা যায়। কিন্তু কব পৰা যায়— —হিন্দু জাতিৰ পিতৃয়ে কছাৰী তিনোতাক বিয়া কৰাই নিজ জাতি হেৰোৱা এটা জাতিৰ ১ ২ ৩ 8 Hodgson : Miscellaneous Essays relating to the Indian Subjects p. 105. Mitra, A.: District Hand Book. Jalpaiguri Census, (1953). P. CXXXVIII. Dalton : Descriptive Ethnology of Bengal, a 87. Dalton: op. cit. p. 92. Dalton: op. cit. p. 96. Porier: Census of India, Vol. V. Bengal & Axsam pr. 1. p. 597. Endle, Rev. S.: 1911. The Kuchars. p. 83. Endle, Rev. S. : op. cit. p. 83. ৫ ৭
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২
অৱয়ব