সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

86 দুৰ্যোধনৰ মুণ্ডে যেন পৰিল নিৰ্ঘাত। থিষয়ে মৰিল বে হৰিলেক নাত॥৩৯২ পাছে ভগৰত প্ৰভু দেৱ যদুপতি। জবসিন্ধ সুত সহদেৱক সম্প্ৰতি॥ ৰাজসিংহাসনে কৰিলেক অভিষেক। মাগধৰ অধিপতি পাতিলা প্ৰত্যেক॥৩৯৩ নকৰিবা ভয় বুলি কৰিল৷ আশ্বাস। ভকতবৎসল প্ৰভু জগতনিবাস। অনাথৰ নাথ কৃপামৰ নাৰায়ণ। ৰাজাসমস্তক পাছে কৰাইলা মোচন॥৩৯৪ বিংশতি সহস্ৰ আৰোধিক অষ্টশত! জৰাসন্ধে থৈয়া আছে গিৰি গহ্বৰত || সমস্তকে মোচন কৰায়া নাৰায়ণ। দিলন্ত সবাকো নিজৰূপে দৰিশন॥৩৯৫ গিৰি গহ্বৰৰ বাজ ভৈল বাজাগণ। মলিন বদন মহা মলিন বসন॥ ক্ষুধাত সুখাইল তনু আন্ত মুখ শিৰ। বন্ধনৰ ক্লেণে কাৰো ভৰি নোহে থিৰ।৩৯৬ সহদেৱে ভাঙ্গিলেক জিঞ্জিৰি নিহল। হাতে ভৰি গলে খাবি বান্ধিলা সকল। বাঢ়ি আছে দাড়ি গোফ দেখি লাগে ভয়। ফুৰি গৈল হাতৰ পাৱৰ নখচয়॥৩৯৭ গাৱত নাহিকে মাংস আছে অস্থি চৰ্ম্ম। ধৰিয়া আছন্ত যেন বানপ্ৰস্থ ধৰ্ম্ম॥ দেখিয়া দায়ায়ে মন কৃষ্ণৰ মজিল। আপুনাৰ নিজ দিব্যৰূপে দেখা দিল॥ ৩৯৮