সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় তাৰ এক পাৱক আপোন পাৱে ভিৰি। আউৰ হাতে পাৱ ধৰি পেলাইলন্ত চিৰি॥ গুদহন্তে তাক কৰিলন্ত দুইফাল। যেন মত্তহস্তী চিৰিলেক বৃক্ষডাল॥৩৮৬ একভৰি অৰ্দ্ধনাভি বাহু একখান। মুখৰো অৰ্দ্ধেক এক আখি এক কাণ॥ অৰ্দ্ধনাক অৰ্দ্ধশিৰ শৰীৰ অৰ্দ্ধেক। হেনয় বিকৃত লোকে দেখিল প্ৰত্যেক॥৩৮৭ হাহাকাৰ ৰোল মহা মিলিল লোকৰ। কিনে৷ ভৈল৷ প্ৰভু তুমি মাগধ ঈশ্বৰ॥ কোননো বিধতা হেন বিপত্তি কৰিল। মহাবলী জৰাসন্ধ হাসিতে মৰিল॥৩৮৮ আকস্মিতে লোকক কৰিলা অপকাৰ। সিহেতু অধম মৃত্যু মিলিল তোহ্মাৰ॥ মহন্ত সৱক যিটো কৰে উতপাত। অবিলম্বে ইসৱ আপদ অনন্তৰে ভীমক মাধৱ পূজিলা সাবটি ধৰি বুলি মিলে তাত॥৩৮৯ ধনঞ্জয়। জয় জয়॥ দুৰ্জ্জয় ৰাজাক বধিলন্ত মহাবীৰ। ধূলা জঙ্কাৰিয়া দুয়ো মাজিল৷ শৰীৰ॥৩৯০ জয় জয় ৰোল উঠি গৈল আকাশত। বৰিষিলা পুষ্প দেৱে ভীমৰ ধন্য ধন্য বীৰকৰ্ম্ম কৰিলা শিৰত॥ দুষ্কৰ। লোকৰ॥৩৯১ দুৰ্জ্জনক বধি দুখ খণ্ডিলা এহিবুলি দেৱগণে ভীমক পূজিল। মহন্ত সৱৰ মহা আনন্দ নিখিল || ৭৭