সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ ৰাজসূয় সৰ্ব্বজান কৃষ্ণে জানিলন্ত তাৱক্ষণে। পূৰ্ব্বে উপজিল ইটো দুই আদখনে॥৩৭৯ জৰানাম ৰাক্ষসী একত্ৰ কৰি থৈল। তাতেসে ইহাৰ জৰাসন্ধ নাম ভৈল। ইহাৰ বধৰ আৰ নাহিকে উপায়। চিৰি মাৰিলেসে জৰাসন্ধ বধ যায়॥৩৮০ তথাপি সমক সমে কেনে মাৰিবন্ত। আপুনাৰ তেজ নিয়া ভীমক দিলন্ত॥ এৰে কেনমতে ভীমে কৰন্ত দুইখান। সঙ্কেতিয়া অঙ্ক মঞি দেখাওঁ বিদ্যামান॥৩৮১ এহিমতে গুণি পাছে তৃণ হাতে ধৰি। ভীমক দেখায়া চিৰিলন্ত দেৱহৰি॥ অমোঘ দৰশী ভীমসেন মহাবলী। জানিলন্ত মাধৱৰ সঙ্কেত আকলি || ৩৮২ জৰাসন্ধ ৰাজা চিৰিলেষে বন্ধ যায়। মনে গুণি ভীমে মাগধৰ চিদ্ৰ চায়॥ বধিবাক মনে আতি কৰন্ত উল্লাস আউৰ কৈক যাস অজি সেন্তেৰে নেৰাস॥৩৮৩ মাগধে বোলয় তোৰ বীৰত্ব আছোক। যতেক শকতি আছে ধৰ আসি মোক॥ যাৰক মুচৰি তোৰ পকাই চিন্তো মুণ্ড। মুঠিৰ প্ৰহাৰে নুহি ৰাজ কৰো ভণ্ড॥৩৮৪ শুনি বিপৰীত ক্ৰোধ উঠিল ভীমৰ। কালে পাইল তোক আৰো লপস বৰ্বৰ॥ মাৰো দুৰাচাৰ বুলি ঘোৰনাদ কৰি। পেলাইলা ভূমিত ভীমে মাগধক ধৰি॥ ৩৮৫-