সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18 ৰাজসূয় মাৰে বাহু তালি আচাৰয় হাত পাৱ। মাথা জঙ্কাৰিয়া কতো কৰে বহুভাৱ॥৩৬৬ কৰয় অফাল দুৰো বীৰ মহামাল। দুইৰো পয়োভৰ আতি যাই ভূমিচাল | ওপৰত দিয়া দেও তেজয় আভাস। বজ্ৰ পৰে বুলি কতো হোৱয় তৰাস॥৩৬৭ চিত্ৰ চাই কতো আসি লৱৰন্তে ধৰি। মৰিয়' আচাৰ পৰৈ গিৰিসিত কৰি॥ য়াই পোত সমূলি পৃথিৱী কৰি খাল। উঠি কতো ধৰি মাৰৈ আউৰ আফাল॥৩৬৮ যাই পেত পৰি সিটো পৃথিৱী কম্পাই। দশন কামুৰি উঠি থাকে তাকে চাই॥ পৰম ক্ৰোধত দুয়ো দুইক পাৰে গালি। নোহোৰে হাতত ভালে ইবাৰ এৰাইলি॥৩৬৯ হাসি বোলে দুয়ো আতে কৰ মহমহ। মোচৰি চিঙিবো মুণ্ড খানিতেক ৰহ। এহি বুলি লৱৰি আৰ্ভুত আন্টু মাৰে। ভাঙ্গে খুলি বজ্ৰ সম মুষ্ঠিৰ প্ৰহাৰে। ৩৭০ চাপৰ মুকুতি লাথি মাৰে ঘৰাকাতি। • দুইকো দুই দাৰুণ প্ৰহাৰ কৰে আতি || কৰি জৰাজৰি কতে৷ পৃথিৱীত পৰে। নিৰ্ঘাত পড়ন্তে যেন বসুমতী লৰে॥৩৭১ যৈতে যৈতে পৰৈ দুইহান্তৰো আঠুমুণ্ড। খালপৰি তৈতে বৰ হুয়া থাকে কুণ্ড। গাণ্ডি গোত পৰি হোৱে সৰোবৰ মান। হাত ভৰি পৰি আতি হোৱে যেন জান॥৩৭২