সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় কৰৈ হৰহৰি হাত ভাঙ্গে নবমবি। নাহি ভ্ৰভঙ্গ খণ্ড যাই আতি চবি॥ কবি এবা এবি কতো হোৱয় অম্ভব। মহা গৰ্বে বীৰনাদ কৰে ভয়ঙ্কব॥৩৬০ ফুৰে দুয়ো পাক যেন কুমাবব চাক। গৰ্জ্জে যেন প্ৰমত্ত মাতঙ্গ ছাবৈ ডাক॥ ধৰিয়া হাফুলি কতো আচাৰয় তুলি। হিয়াত বৈসাৱে মুথি কতে৷ হুঃ বুলি॥৩৬১ পাবে দোঙ্গা দুঙ্গি কতো আঙ্কোৱালি ধবি। কৰৈ থাক থাক কতো দুইহান্তো আতৰি॥ কৰকৰ কৰি কতো দশন চৰ্ব্বই। ৭৩ খাইবো তোৰ মুণ্ড বুলি দুহান্তো গৰ্জ্জয়॥৩৬২ মুণ্ডে মুণ্ডে যুদ্ধ কতো কৰৈ বৰ ৰাগে। অন্যো অন্যে যুজে যেন দুই ভেৰা ছাগে॥ হিয়ায়ে হিয়ায়ে যুদ্ধ কৰে আতিশয়। দোগোটা ৰাক্ষসে যুদ্ধ কৰে যেন নয়॥৩৬৩ বাহুৱে বাহুৱে যুদ্ধ কৰে মহা বঙ্গে। শুণ্ডে শুণ্ডে যুজে যেন দোগোটা মাতঙ্গে॥ পাৱে পাৱে যুজে দুয়ো বীব মহা শ্ৰমে। লাথি যুদ্ধ কৰে যেন দুই তুৰঙ্গমে॥৩৬৪ নানা বিধ যুদ্ধ দুয়ো কৰয় প্ৰবন্ধে। মহা চন্দে বন্ধে ভীমসেন জাসন্ধে॥ কতো একপিণ্ড কতো হোৱয় অন্তৰ। বহুবিধ শ্ৰম কতো দেখাৱে মালৰ॥৩৬৫ নিৰ্ঘাত শৱদে দুয়ো বজায় কতাল। শৱদে পুবয় দিশ বিদিশ সকল।