সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় সিদ্ধ মুনি বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণ। নিৰন্তৰে আইলা যত অপেশ্বৰাগণ॥৩৫৩ যুদ্ধ চাহি নিবন্তৰে বৈল আকাশত। শুন্য দুয়বো যুদ্ধ যেন মিলিল পাছত॥ পুনৰপি দুয়ো বীৰে দুহান্তকে। মাতি। গদা ধৰি দুয়ো আবফতি কবে আতি॥৩৫৪. মাৰ মাৰ বুলি দুয়ো বীব মহাশয়। দশন কামুৰি দুয়ো দুহাঙ্কো গৰ্জ্জয়॥ হেব মাবো বুলি কবৈ গদাৰ প্ৰহাব। শৰীৰত পৰৈ আসি কবি ঠাতকাৰ॥৩৫৫ অন্যো অন্যে প্ৰহাৰ কৰয় বিপৰীত। কঠিন গাৱত গদ। হোৱে চূৰ্ণীকৃত॥ আক্ৰান্তে যুজয় যেন দোগোটা কুঞ্জব ভাগি গৈল তাৰ যেন ডাল আকনব॥৩৫৬ সেহি মতে দুইবো যেৱে গদ। ভাগি গৈল। পাছে দুয়ো বাহুযুদ্ধ কৰিবাক লৈল || দুয়ো মহাবীব যেন প্ৰমত্ত কেশৰী। ক্ৰোধে দুয়ো মুষ্ঠিত প্ৰহাৰে মুঠি ধৰি॥ ৩৫৭. বাহুত ধৰিয়া কোপে আটোপে আজোৰে। কঙ্কাল ফান্দিয়া ধৰি অধব কামোৰে॥ অনেক আক্ৰান্তে শৰীৰৰ বলে টানে। মাৰয় চাপৰ দুয়ো দুহাঙ্কো সন্ধানে॥৩৫৮ আন্তৰিয়া পুনু আতি যাবে বাহু দাফি। বাঘে যেন গৰ্জ্জি পুনৰপি ধৰে হাফি | হাতে পাৱে শিৰে গলে চান্দে মালজৰী। এক পিণ্ড হুয়া কৰে বগৰা বগৰি॥৩৫৯