সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নুহিকো ব্ৰাহ্মণ জাতি ৰাজসূয় তিনিয়ো ক্ষত্ৰিয় আতি যুদ্ধ হেতু আসি আছো নিষ্ঠ। এন্ত বীৰ বৃকোদৰ এন্ত মহা ধনুৰ্দ্ধৰ ধনঞ্জয় ভীমৰ কনিষ্ঠ || দুহানো মাণ্ডল ভায় জান তঞি মহাৰায় শুনিয়া কৃষ্ণৰ বাণী কৃষ্ণ মঞি তোৰে প্ৰাণ বৈৰী। হাসিলেক আতি উচ্চ কৰি॥৩৩৫ জৰাসন্ধ মহামানী ডাকি বোলে জৰাসন্ধ শুন অৰে মহামন্দ যুদ্ধ আজি দিবে৷ স্বৰূপত। কিন্তু ভয়াতুৰ তঞি তোক নুযুজিবো মঞি হাৰি মোত আছস পূৰ্ব্বত॥ ৰণত তৰাসে আতি আপুন মথুৰাপুৰী তেজি তঞি পৰম দুৰ্জ্জন। তোৰ কথা কৈবে৷ কত হসুৱায়া লোক্যত সাগৰত পশিলি শৰণ॥৩৩৬ অৰ্জ্জুন শৰীৰ ক্ষীণ যুদ্ধতো বলত হীন বয়সে৷ কনিষ্ঠ মোত কৰি। বুদ্ধি বল পৰাক্ৰমে যুদ্ধত কুশল শ্ৰমে ভীমেসে কেৱলে মোক সৰি॥ কৃষ্ণ ধনঞ্জয় দুই যুদ্ধৰ কিছোৰো নুই ভীম তোৰ শুনি আছো নাৱ। পৰাক্ৰমে দেখ মোৰ কৰিয়া প্ৰহাৰ ঘোৰ দৰ্পচূৰ কৰিয়া পথাৱ॥৩৩৭