ৰাজসূয় মহা উপবাসে আতি প্ৰাণ যাই ফুটি। সকুতুম্বে ভুঞ্জিবাক চান্ত গুণ্ডা গুটি॥ তাকে। অথিতিক দান দিয়া মহায়ণী। সকুতুম্বে ব্ৰহ্মলোক পাইল৷ হৰিষি॥৩২৩ শিৱি নামে এক মহাৰাজা আছিলন্ত। শেন হন্তে কপাতিক ৰক্ষা কৰিলন্ত॥ আপোনাৰ মাংস কাটি শেনক দিলন্ত। সেহি ফলে অক্ষয় স্বৰ্গত ৰঞ্চিলন্ত ||৩২৪ মহাযশী বলিৰায় প্ৰহলাদৰ নাতি। জগত ব্যাপিল যাৰ নিৰ্ম্মল সুখ্যাতি | বিপ্ৰৰূপী বিষ্ণুক সৰ্ব্বস্ব দান দিল। নিজ গুণে মাধৱক অধীন কৰিল॥৩২৫ কপোত কপোতী দুয়ো আছে এক ডালে। বৈল এক ব্যাধ আসি তৈত নিশাকালে॥ দেখি উপবাসে আসি অতিথি ৰহিল। আহ্মাক ভুঞ্জোক বুলি বহ্ণিত পৰিল॥৩২৬ আপুনাৰ মাংস কৰি অিিৰ্থক দান। ভাৰ্য্যা সমে পাইল পক্ষী স্বৰ্গলোকে থান॥ ৬৫ দেখি ব্যাধে পাছে কপোতীৰ মহাসত্য। বিপৰীত বিৰকতি মিলল মনত॥৩২৭ মহা পুণ্য থানে দেহা দহি অগনিত। স্বৰ্গ পাইল পৰম নিৰ্ম্মল হুয়া চিত্ত || এহি মতে আনো মহা অনেক মহন্ত | অনিত্য শৰীৰে নিত্য পদক পাইলন্ত॥৩২৮ .0
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭৫
অৱয়ব