ৰাজসূয় অসত্য শৰীৰ সত্য যশস্যাক পাৱে। তাহাৰ যশস্যা মহাজন সবে গাৱে॥৩১৬ হেন জানি পৰম সামৰ্থ যিটো জন॥ আপোনাৰ যশস্যা নকৰে সম্পাদন॥ পৰম নিন্দিত সিটো অধম মনুষ্য। দেখিতে বজ্জিত লাগে পৰম অস্পৃশ্য॥৩১৭ বুলিবাক হিত নতো ইটো কথা শুনি। কোনে কাক দিয়া আছে প্ৰাণক আপুনি॥ ইহাৰ উত্তৰ কহো শুনা বিদ্যমান। আছিলন্ত হৰিশ্চন্দ্ৰ নৃপতি প্ৰধান॥৩১৮ বিশ্বামিত্ৰ ঋষিক পৃথিৱী দান দিল৷। দক্ষিণাৰ পদে পুত্ৰ ভাৰ্য্যাকে। বিকিলা। আপুনিয়ো চাণ্ডালত বিক্ৰয় গৈলন্ত। ঋণ সুজি ব্ৰাহ্মণৰ দক্ষিণা দিলন্ত॥ ৩১৯ দেখা ৰাজ৷ কেন বীৰ কীৰ্ত্তিৰ মহত। অযোধ্যাৰ যত লোক সহিতে পাছত॥ অক্ষয় স্বৰ্গক গৈল আনন্দে নৃপতি। তাহান নিৰ্ম্মল যশ প্ৰচাৰ সম্প্ৰতি॥৩২০ দানদিয়া ৰন্তিদেৱ কুতুম্বে সহিতি। 'চল্লিশ দিৱস উপবাসে মহামতি॥ জল ফুতি মাত্ৰ কৰিবাক চান্ত পান। প্ৰাৰ্থক অতিথি পায়৷ তাকে। দিল৷ দান॥৩২১ পাছে ব্ৰহ্মলোক তেহো পাইলা সেহি ফলে। আজিও প্ৰচাৰ যশ পৃথিৱী মণ্ডলে॥ উঞ্চবৃত্তি ব্ৰাহ্মণে সুহোষ নাম তান। নাহি মহা সুখী আৰ তাহান সম্মান॥৩২২
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৭৪
অৱয়ব