সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় তোহ্মাৰ নিৰ্ম্মল: কীৰ্ত্তি ব্যাপিব লোকত। দেৱ ঋখি পিতৃ সুহৃদবো মনোগত॥ সমস্তে ভূতৰে মহা মনৰ বাঞ্ছিত। ৰাজসূয় যজ্ঞ বাজে মোৰো আছে চিত্ত ||২৮৪ হেন জানি আগে নৃপতি সকল। কৰিয়ো নিৰ্ব্বশ্য ইটো পৃথিৱী মণ্ডল॥ যজ্ঞৰ সম্ভাৰ যত কৰি একস্থান। পাছে মহা যজ্ঞ ৰাজা কৰা বিদ্যমান॥ ২৮৫ বুলিবা নৃপতিগণ জিনিবোঁ কিমতে। নকৰিবা শঙ্কা একে৷ ৰাজাক জিনন্তে॥ তযু ভ্ৰাতৃগণ দিকপাল অংশে জাত। অকলে জিনিতে পাৰে জগৎ সাক্ষাত। ২৮৬ ভীমসেন অৰ্জ্জুন নকুল সহদেৱ। তাসম্বাক সম জগততে নাহিকেৰ ৫৯ আৰো তুমি কৰি বশ্য ইন্দ্ৰিয় সকলে। মোকো জিনি আছ৷ মহা ভকতিৰ বলে॥২৮৭ হেন তুমি পাৰে কোনে তোমাক জিনিত নকৰিবা মনে ৰাজা সংশয় কিঞ্চিত॥ নিষ্কিঞ্চন জানে৷ ভৈল মোত পৰ। তাক পীড়িবাক নাহি শকতি লোকৰ॥ ২৮৮ শ্ৰী যশ তেজে যদি ভৈল সমন্বিত। তথাপি শকতি নাহি ভক্তক পীড়িতি॥ দেৱো আতি ডৰিবাক নপাৰয় যাক। পৃথিৱীৰ ৰাজা কিবা কৰিবেক তাক॥ ২৮৯ শুক নিগদতি ৰাজা শুনা পৰীক্ষিত। "কৃষ্ণৰ শুনিয়া ৰাজা বচন অমৃত॥