এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হাত মেলি যেন ৰাজসূয় দুলড়ী কৌতুকে যেন পাইলন্ত স্বৰ্গক নাচন্ত। বোলন্ত আহ্মৰি সমান জানিলোঁ নাহি মহা ভাগ্যৱন্ত॥ যিহেতু জগত ঈশ্বৰ সভাৰ্য্যে গৃহক মোৰ আসিলা। এতিক্ষণে মহা মেক্ষিতে৷ অধিক প্ৰসাদ আহ্মাক দিলা॥২৫৬ এহিবুলি ৰাজা কৃষ্ণ চৰণ পখালিল৷ প্ৰীতি ভাৱে। পাদোদক জলে পৰম হৰিষে সুৰভি কসুম দিব্য বস্ত্ৰ দিয়া স্মানিলন্ত সবান্ধৱে॥ চন্দন নৈবেদ্য আনি। পূজিলন্ত মহামানী॥২৫৭ ধূপ দীপ গন্ধ ৰত্ন অলঙ্কাৰে পাছে দ্ৰৌপদীক কুন্তী বুলিলস্ত পুত্ৰবধু শুনিয়োক। ৰুক্মিণী প্ৰমুখ্যে মহিষীক মাৱ যথাযোগ্যে অচিয়োক॥ শাশুৰ বচন শুনিয়া দ্ৰৌপদী সহৰিষে তাৱ ক্ষণে। ৰুক্মিণী প্ৰমুখ্যে কৰিয়া সবাকো অচিলন্ত ৰঙ্গমনে ||২৫৮ ৫৩