সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 ৰাজসূয় হৈবোহোঁ মুকুত দেখিবোহোঁ কৃষ্ণ মুখ অপেক্ষি আনন্দে সহি থাকিলন্ত দুঃখ॥ ৰাজদূত নাৰদক পঠাই হৃষীকেশ। আনৰ্ত্ত সৌবীৰ ছড়াইলন্ত কতো দেশ॥২২১ মৰু থান কুৰুক্ষেত্ৰ এড়াই পাছে হৰি। গৈলা বহু দুৰ্গ পথ গিৰি- নদী তৰি॥ অনেক সহস্ৰ গ্ৰাম নগৰ ছড়াইল। দৃষদ্বতী তৰী সৰস্বতীক এড়াইল॥ ২২২ পাঞ্চাল এড়াইয়া বিৰাটক ছড়াইলন্ত। পাছে গৈয়া ইন্দ্ৰপ্ৰস্থ সমীপ পাইলন্ত॥ জগতৰে আত্মা কৃষ্ণ আসন্তে পন্থত। দেখে আসি মানে নৰ নাৰীগণ যত॥২২৩ তেখনে সবাৰো ছিড়ে কৰ্ম্ম অহঙ্কাৰ। মিলে মোক্ষ সুখ আনন্দৰ নাহি পাৰ॥ নয়নৰ পথে আনি কৰি অভ্যন্তৰ। মনে মাধৱক অৰ্চা কৰে নিৰন্তৰ ||২২৪ স্বপ্নতে৷ নেদেখে যাক মহাপাপী জন। মনুষ্যৰ পৰম দুৰ্ল্লভ দৰিশন॥ হেন কৃষ্ণ আসিবাৰ শুনি যুধিষ্ঠিৰ। আগ বাঢ়ি তেখনে আসিল৷ মহাবীৰ ||২২৫ সুহৃদ সেদিৰ সব পুৰোহিত যত। ৰাজাক আবৰি ৰঙ্গে আছিল সমস্ত॥ গাৱে গীত গায়নে বায়নে বাদ্য বাৱে। ব্ৰাহ্মণ সকলে বেদ পঢ়ে বহু ভাৱে॥২২৬ অচিলন্ত ৰাজা মহা সাদৰে কৃষ্ণক। ইন্দ্ৰিয় সকলে যেন সাদৰে প্ৰাণক॥