ৰাজসূয় অসংখ্য সম্ভাৰচয় চলে গাধ উট · শকটত কতো . সাঙ্গি বান্ধি নেই কতো বলধিত। গদভীত॥২১৪ অনেক সম্ভূত। উপস্কৰ বস্তু যাৰ যেন মনোনীত॥ যথাত বহন্ত হোৱে তথাতে নগৰ। শাৰি কৰি টনে নানা বিধ পাড়ৈ ঘৰ || ২১৫ পাতৈ হাট বাজাৰ দোকান অসংখ্যাত। যাৰ যেন লাগৈ কিনা বিক৷ কৰে তাত॥ নানা বিধ ৰসে ৰঙ্গ ঢঙ্গ কৰে ছনী। পৰম অনিন্দে সবে বঞ্চন্ত ৰজনী॥২১৬ এহিমতে যান্তে নাৰদক যদুপতি। অচিয়া দিলন্ত চলিবাক অনুমতি॥ কৃষ্ণৰ সন্মান আজ্ঞা পাইয়া দেৱ ঋষি মাধৱক প্ৰণামিয়া চলিল হৰিষি॥২১৭ কৃষ্ণৰ মধুৰ মূৰ্ত্তি ধৰি হৃদয়ত। দেখি শুনি মাধৱৰ ব্যৱসিত যত॥ কৃষ্ণ দৰশনে আনন্দৰ নাহি সীমা। আকাশে চলিলা দেখি কৃষ্ণৰ মহিমা॥২১৮ পাছে ৰাজ দূতক ঈশ্বৰ ভগৱন্ত। প্ৰবোধিয়া প্ৰিয় বাক্যে ভৰসা দিলন্ত॥ নকৰিবি ভয় দূত ভদ্ৰ হৌক তোৰ। মাগধক বধি দুঃখ খণ্ডিবো দুৰ্ঘোৰ॥২১৯ হেন শুনি দূতে কৰি কৃষ্ণক বন্দন। পৰম সন্তোষ মনে কৰিল গমন | দিন কতিপয়ে পাইল৷ ৰাজাগণ পাশ সবাতে৷ কহিল৷ যত কৃষ্ণৰ আশ্বাস॥২২ 89
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৫৩
অৱয়ব