সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় খালত পড়িবে নাই নাকলিয়া তাক। দেখি পহৰীয়৷ লোকে দিল গৈয়া হাক || তহিতে৷ লাজিল দুৰ্যোধন মহাবায়। বঙ্গে লোকে হাসে যেন পাৰ নচুৱাই ||৭ নৰ মায়া চিত্ৰে আতি ননৰু হয়। লাজ কাজ এৰি তাক চাহিয়া ফুৰয় || অনন্তবে গৈয়া দেখিলন্ত একদল | -589 সাক্ষাতে গেলাৱে চৌ দেখি যেন জ্বল ||१১ আগে গৈয়া দুৰ্য্যোধন হাতে বস্ত্ৰ তুলি। কৰে চাপি চুপনি চলয় অল বুলি। স্থলকে বুলিয়া জল লাজিল৷ নৃপতি। দেখি কন্যাগণে হাসি কবন্ত বিস্তৃতি॥৭৫২ পুনৰপি তৈৰপৰা গৈৰ। মহাবল। দেখিলেক সাক্ষাতে জলক যেন ধन | নয় বিশ্বকৰ্মাৰ বচনা বিপৰীত। জল বুলি তাক নাকালল কদাচিত ||৭৫৩ কাঁপবে ছোপবে গৈয়া পৰি তল গৈল। দেখি সৰ্ব্বজনে বেঢ়ি হাসিবাক লৈল || কক্মিণী দ্ৰৌপদী আদি যতেক সুন্দৰী। চাপৰি বজাইয়৷ সৱে হাসে বহু কবি॥৭৫৪ -দেৱৰ সম্বন্ধে পৰিহাস কৰি মাতি। বাউল ভৈল বুলি সৱে কদৰ্থন্ত আতি। হাসি তুলি ভীনগেনে বড়ান্ত চাপৰি। নৃপতিক কনৰ্যন্ত উপালম্ভ কৰি। ৭৫৫