তাৰ মাজে দুৰ্য্যোধন দিনেক পশিল। অন্তঃপুৰে পাণ্ডৱৰ সম্পত্তি দেখি || ৰাজসূয় মহোদয় দেখি বিপৰীত। একে তাৰ দক্ষম কৰণে আছে চিত্ত ||৭২৬ আৰে৷ অন্তঃপুৰে গৈয়া বিভৰ দেখিল। হৃদয়ৰ মাজে মহা অগনি জনি। যুধিষ্ঠিৰ ৰাজাৰ সম্পত্তি যেন মত। কোনে কহিবাক পাৰে তাহাৰ মহত্ত্ব॥ ৭২৭ নৰেন্দ্ৰ সৱৰ শ্ৰী আছে যত যত। সুৰেন্দ্ৰ সৱৰ আছে যতেক স্বৰ্গত॥ দৈত্যেজ সৱৰ লক্ষ্মী আছে যতমান। পাণ্ডৱ ৰাজাৰ ঘৰে সৱে বিদ্যমান॥ ৭২৮ দিকপাল সবে বৰ দিনন্ত যজ্ঞত।" যাৰ যেন বিভব আছিল যেন মত॥ প্ৰকাশ কৰন্ত লক্ষ্মী বহুবিধ ভাৱে। দেখি দুৰ্য্যোধনৰ অগনি জ্বলে গাৱে॥৭২৯ অপদ নন্দিনী মহাসতী পতিব্ৰতা। পৰমা সুন্দৰী চৰিতা সুৰনিতা। অনেক সম্পত্তি যমে স্বামীক সেৱন্ত। স্বৰ্গত ইন্দ্ৰক যেন শচী উপাসন্ত ||৭৩০ সহস্ৰ সংখ্যাত দাগী সমান সুন্দৰী পৰে সলিস্কৃতা নানা উপয়ন ধৰি॥ দ্ৰৌপদীৰ গঙ্গে নৃপতিক উপায়। ১০ যেন শচী গমে শোভে অপেস্বৰীচয়॥৭৩১
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৫৫
অৱয়ব