সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় প্ৰেম ভকতিত আতি আছে বশ্য কৰি যেহি বোলে পাণ্ডৱে কৰন্ত তাকে হৰি॥ হেনয় পাণ্ডৱে কৰিলন্ত ৰাজসূয়। জানা ইটে৷ নৃপতি আশ্চৰ্য্য কথা নুই ||৭০৮ কৃষ্ণ পৰায়ণ সন্ত মহন্ত নৃপতি। অপ্ৰয়াসে যজ্ঞ কৰিলন্ত মহামতি। পৰম তৃপিতি তাত ভৈল সৰ্ব্বজন। একে মহা দুৰাশয় বিনে দুৰ্য্যোধন ||৭০৯ পাণ্ডৱসৱৰ মহাশ্ৰী বিপৰীত। দেখি দুৰ্য্যোধনৰ আকুল কৰে চিত্ত॥ কুৰুকুল ব্যাধি দুৰ্য্যোধন পাপ মতি। তাক নষ্ট কৰিবাক মনে যদুপতি॥৭১০ পাণ্ডৱ ৰাজাৰ শ্ৰীক দেখিয়া প্ৰচুৰ। প্ৰথমতে কলহৰ জমিলা অঙ্কুৰ॥ শুনি আতি আশ্চৰ্য্য বিস্ময় ভৈল চিত। শুক মহামুনিত পুচিলা পৰীক্ষীত॥৭১১ শুনিয়োক শুকদেৱ মুনি মহাশয়। অজাত শত্ৰুৰ দেখি যজ্ঞ মহোদয়॥ আছিলন্ত পৃথিৱীৰ ৰাজাগণ যত। সমস্তৰে ভৈল মহা সন্তোষ মনত || ৭১২ দেৱাসুৰ মুনিগণ যতেক আছিল। সবাৰো মনত মহাসন্তোষ মিলিল | দুৰ্য্যোধন ৰাজৰ নভৈল ৰঙ্গ তাত। কহিয়োক 'গুৰু আৰ কাৰণ সাক্ষাত॥৭১৩