ৰাজসূয় যাক যিটোজনে, চিন্তি থাকে অনুক্ষণ। তাহাৰে স্বৰূপ ৰূপ পাৰে সিটে। জন॥ ভৱনামে ভয়ৰ কাৰণ নৃপৰৰ। শুনিয়োক ইহাব সাক্ষাতে পটম্ভব॥৬৪৫ যেন বাঘ পকৱ৷ ধবিয়া পোকা যত। ননাৰি জীয়ন্তে নিয়া খৱয় বাসত। বাঘ পৰুৱাকে পোকে চিন্তয় ভয়ত। জীৱন্ততে তাৰ ৰূপ পাৱয় সমস্ত॥৬৪৬ যেহিনতে মাধৱক চিস্তিয়া সৰ্বদা। পাইবেক তাহান ৰূপ ইটে৷ কোন কথা॥ কহিয়াছে৷ ইহাব বৃত্তান্ত কথা যত। জয় নামে পাৰিষদ আছিল পূৰ্বত॥৬৪৭ কৃষ্ণৰ ইচ্ছায়ে আমি বিপ্ৰৰ সাপত। বৈকুণ্ঠৰপৰা৷ উপজায় অসুৰত॥ হিৰণ্য-কশিপু নামে ভৈল প্ৰথমত। নৰসিংহ ৰূপে হবি কৰিলন্ত হত।৬৪৮ ভৈল গৈয়া ৰাৱণ দ্বিতীয় জনমত। ৰাম অৱতাৰে গৈয়া বধিল৷ ৰণত॥ ভৈল শিশু পাল আসি তৃতীয় জনত || বৈৰভাৱে মাধৱক স্মৰিলে সতত॥৬৪৯ চিন্তন্তে চিন্তন্তে চিত্তে ভৈল তদাকাৰ ইজনতো আপনি চিন্তিলা হৰি মাৰ॥ কৃষ্ণৰ স্বৰূপ পাইয়া বৈকুণ্ঠক গৈলা। পাৰিষদ হুইয়া পুনু দুৱাৰতে ৰৈল॥৬৫০ ১২৭
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৩৭
অৱয়ব