সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় যাক যিটোজনে, চিন্তি থাকে অনুক্ষণ। তাহাৰে স্বৰূপ ৰূপ পাৰে সিটে। জন॥ ভৱনামে ভয়ৰ কাৰণ নৃপৰৰ। শুনিয়োক ইহাব সাক্ষাতে পটম্ভব॥৬৪৫ যেন বাঘ পকৱ৷ ধবিয়া পোকা যত। ননাৰি জীয়ন্তে নিয়া খৱয় বাসত। বাঘ পৰুৱাকে পোকে চিন্তয় ভয়ত। জীৱন্ততে তাৰ ৰূপ পাৱয় সমস্ত॥৬৪৬ যেহিনতে মাধৱক চিস্তিয়া সৰ্বদা। পাইবেক তাহান ৰূপ ইটে৷ কোন কথা॥ কহিয়াছে৷ ইহাব বৃত্তান্ত কথা যত। জয় নামে পাৰিষদ আছিল পূৰ্বত॥৬৪৭ কৃষ্ণৰ ইচ্ছায়ে আমি বিপ্ৰৰ সাপত। বৈকুণ্ঠৰপৰা৷ উপজায় অসুৰত॥ হিৰণ্য-কশিপু নামে ভৈল প্ৰথমত। নৰসিংহ ৰূপে হবি কৰিলন্ত হত।৬৪৮ ভৈল গৈয়া ৰাৱণ দ্বিতীয় জনমত। ৰাম অৱতাৰে গৈয়া বধিল৷ ৰণত॥ ভৈল শিশু পাল আসি তৃতীয় জনত || বৈৰভাৱে মাধৱক স্মৰিলে সতত॥৬৪৯ চিন্তন্তে চিন্তন্তে চিত্তে ভৈল তদাকাৰ ইজনতো আপনি চিন্তিলা হৰি মাৰ॥ কৃষ্ণৰ স্বৰূপ পাইয়া বৈকুণ্ঠক গৈলা। পাৰিষদ হুইয়া পুনু দুৱাৰতে ৰৈল॥৬৫০ ১২৭