ৰাজসূয় যাত পৰে ক্ষত্ৰি আন নাহি পৃথিৱীত। এন্তে নুহি কেনে অগ্ৰমান্যক উচিত॥ সনক সনন্দ আদি যোগী যত মান। আৰা কোন উচিত নুহিকে অগ্ৰমান ||৬০৩ পৃথিৱীৰ যত মহ। মহাৰাজাগণ। আৰা কেনমতে নুহি অগ্ৰ অৰিহণ॥ আছ৷ আনো সমাজত অনেক মহন্ত। আৰা সৱে কোন অগ্ৰভাগ নাবিহন্ত॥৬০৪ যত অগ্ৰমান্য মানে তেজিল সকল। পৰম অধম কৃষ্ণ কুলৰ পাংশুল॥ আক পূজিবাক সৱে অনুমতি দিল৷। কেনমতে কৃষ্ণে অগ্ৰমান্য অৰিছিলা। ৬০৫- কিবা হেতু পূজা আগে কৰিল কৃষ্ণক। যেন হবিৰ্ভাগ আনি দিলেক কাকক॥ বৰ্ণাশ্ৰম কুলত বাহিৰ অনাচাৰ। সৰ্ব্ব ধৰ্মহীন একে৷ নাহি ব্যাৱহাৰ॥৬০৬ ইহাৰ দোষক মই বৰ্ণাইবোহোঁ কত সৰ্ব্বকালে ইটো অধৰ্ম্মত মাত্ৰ ৰত॥ নাহি একে৷ গুণ স্বেচ্ছাচাৰে প্ৰবৰ্ত্তয়। কেনমতে ইটে। অগ্ৰমান্য অৰিহয়॥৬০৭ ইহাৰ কুলক সপি আছন্ত যযাতি। মহাজন সবাৰ বাহিৰে ইটে৷ আতি॥ অভক্ষ ভক্ষণে আৰ ৰতি সৰ্ব্বক্ষণ। ভৈল কেনমতে ইটে। অগ্ৰ অৰিহণ॥৬০৮
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৩০
অৱয়ব