সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় যাত পৰে ক্ষত্ৰি আন নাহি পৃথিৱীত। এন্তে নুহি কেনে অগ্ৰমান্যক উচিত॥ সনক সনন্দ আদি যোগী যত মান। আৰা কোন উচিত নুহিকে অগ্ৰমান ||৬০৩ পৃথিৱীৰ যত মহ। মহাৰাজাগণ। আৰা কেনমতে নুহি অগ্ৰ অৰিহণ॥ আছ৷ আনো সমাজত অনেক মহন্ত। আৰা সৱে কোন অগ্ৰভাগ নাবিহন্ত॥৬০৪ যত অগ্ৰমান্য মানে তেজিল সকল। পৰম অধম কৃষ্ণ কুলৰ পাংশুল॥ আক পূজিবাক সৱে অনুমতি দিল৷। কেনমতে কৃষ্ণে অগ্ৰমান্য অৰিছিলা। ৬০৫- কিবা হেতু পূজা আগে কৰিল কৃষ্ণক। যেন হবিৰ্ভাগ আনি দিলেক কাকক॥ বৰ্ণাশ্ৰম কুলত বাহিৰ অনাচাৰ। সৰ্ব্ব ধৰ্মহীন একে৷ নাহি ব্যাৱহাৰ॥৬০৬ ইহাৰ দোষক মই বৰ্ণাইবোহোঁ কত সৰ্ব্বকালে ইটো অধৰ্ম্মত মাত্ৰ ৰত॥ নাহি একে৷ গুণ স্বেচ্ছাচাৰে প্ৰবৰ্ত্তয়। কেনমতে ইটে। অগ্ৰমান্য অৰিহয়॥৬০৭ ইহাৰ কুলক সপি আছন্ত যযাতি। মহাজন সবাৰ বাহিৰে ইটে৷ আতি॥ অভক্ষ ভক্ষণে আৰ ৰতি সৰ্ব্বক্ষণ। ভৈল কেনমতে ইটে। অগ্ৰ অৰিহণ॥৬০৮