সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ ৰাজসূয় সভাক সম্মুখ ভৈল। কৃষ্ণক নিন্দিবে লৈল॥ শুনা সভাসদ লোক। জন্মৰ সাফল হৌক॥৫৯২ মাধৱৰ নাম গুণ। কলিত পৰম পুণ্য॥ জানি আন তেজি কাম। নিৰন্তৰে বোলা ৰাম॥৫৯৩ পদ সবাক সম্বুধি শিশুপাল দুৰাশয়। বোলে শুনা শুনা ওবা সভাসদচয়। তোৰা সৱে শ্ৰেষ্ঠ পাত্ৰ বুদ্ধিত সাগৰ। নধৰিব৷ কেহো ইটো বাক্য বালকৰ॥৫৯৪ আতি শিশু মতি সহদেৰ মূঢ়জন। কেনমতে সাদৰিলা ইহাৰ বচন। নতো দেখে সমাজ নজানে ব্যাৱহাৰ। বোলে উপকাৰী কৃষ্ণ কুটুম্ব আহ্মাব॥৫৯৫ ইহাৰ প্ৰসাদে সুখে আছোঁ হেন জানে। তাতেসে কৃষ্ণক ইটো বৰ বুলি गान || তুমি সব সভাসদ পতি মহাজন। কিসক সাদা সৱে ইহাৰ বচন॥৫৯৬