সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় আত অনন্তৰে শুনা নৃপতি প্ৰস্তুত। কৰি ৰাজাগণ দুঃখত মুকুত!! পাছে সহদেৱক ঈশ্বৰ নাৰায়ণ। বচন অমৃতে তান সন্তোষিলা মন ||৪৫০ শুনা সহদেৱ জৰাসন্ধৰ তনয়। ভুঞ্জ ৰাজ্য ভোগ তঞি নকৰিবি ভয়॥ পুত্ৰৱতে প্ৰজাক পালিবি নিৰন্তৰ। নকৰিবি পীড়া যথোচিতে লৈবি কৰ॥৪৫১ একচিত্তে মনে মোত কৰিবি ভকতি। অন্ত কালে গৈয়া মোক পাইবি মহামতি॥ নিমিত্তে। সাম্প্ৰতিক পাণ্ডৱৰ যজ্ঞৰ চালোঁ আমি আস তঞি পাছত সম্ভৃতে॥৪৫২ কৃষ্ণৰ আদেশ বাণী শুনি সহদেৱ। প্ৰণিপাতি মাধৱক কৰিলেক সেৱ॥ ভীম অৰ্জুনক পাছে নমস্কাৰ কৰি। কৰিলা অনেক পূজা তিনিকো সাদবি॥৪৫৩ তুতি নতি ভক্তি ভাৱে তিনিকো তুষিলা। বস্ত্ৰে অলঙ্কাৰ গন্ধ চন্দনে ভূষিলা॥ সুৱৰ্ণ ৰচিত দিব্য ৰথ দিল৷ আনি। উঠি তাতে ভীম ধনঞ্জয় চক্ৰপাণি।৪৫৪ মাগধ ৰাজাক বধি আনন্দিত ভৈলা। পৰম আনন্দে ইন্দ্ৰপ্ৰস্থে চলি গৈলা॥ নগৰ সমীপ পাইবা শঙ্খক ফুঙ্কিল। সুহৃদ সৱক মহা আনন্দক দিল ||৪৫৫