সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ ৰাজসূয় এহি বুলি নৃপতিসবক চক্ৰপাণি। মণিময় কাঞ্চনে ৰচিত ৰথ আনি॥ তাতে তুলি নৃপতিগণক যদুৰায়। মহা পৰিছেদে দিল৷ দেশক পঠাই 11888 প্ৰণামিয়া কৃষ্ণক নৃপতি নিৰন্তৰ। কৃষ্ণৰ প্ৰসাদে মোক্ষ ভৈলন্ত দুঃখৰ॥ কৃষ্ণৰ চৰণ দুইক হৃদয়ত ধৰি॥ চলি গৈলা মনে কৃষ্ণ মহিমা সুমৰি ||৪৪৫ কষ্ণক এৰন্তে মহা দুঃখ লাগে মনে। প্ৰেমত সবাৰে বহে লোতক নয়নে॥ উলটি ৰথতে চান্ত কৃষ্ণক নিৰেখি। মাধৱো আকুল তাসম্বাৰ ভক্তি দেখি।৪৪৬ ৰথতে কৰন্ত মাধৱক দণ্ডৱত। এহিমতে ভক্তি ভাৱে ৰাজাগণ যত॥ ভিন্নে ভিন্নে গৈলা চলি আপন দেশক হোৱন্ত বিস্ময় মনে সুমৰি কৃষ্ণক।887 ভাৰ্য্যা পুত্ৰ আদি যত অমাত্য বৰ্গত। কহিলা সবাতে কৃষ্ণ চেষ্টা যত যত॥ ঈশ্বৰ মাধৱে যেন কৰিলা আদেশ। আচৰিল৷ সাৱধানে নৃপতি নিশেষ॥৪৪৮ কৃষ্ণৰ কৃপাত এৰাইলন্ত মহা দুঃখ ভুঞ্জিলন্ত পাছে অকণ্টকা ৰাজ্যসুখ!! একচিত্তে মাধৱৰ ভকতি কৰিল। গৃহতে থাকিয়া সুখে সংসাৰ তৰিল। 889