ৰহদৈ লিগিৰী ৫৯ কিন্তু তেওঁ যিমানেই চেষ্টা কৰিলে সিমানেই তেওঁৰ পুৰণি স্মৃতি বেছিহে হ'বলৈ ধৰিলে। তেওঁক মনৰ ভাবে, দুশ্চিন্তাই দুৰ্বল কৰিব ধৰিলে। মনৰ লগে লগে তেওঁৰ শৰীৰৰো অৱসাদ হ'বলৈ ধৰিলে, খাব-বব নোৱাৰি বেচেৰী শুকাই-খীণাই যাব ধৰিলে। ৰজা ৰাঙলী বাহৰৰ পৰা উলটি যাবৰ পোন্ধৰ দিনমানৰ পিছত এদিন তেওঁ মাহিলি ঋতু হোৱাৰ চাৰি কি পাঁচ দিনৰ দিনা তেওঁৰ খোঁটালীৰ খিৰিকীৰ ওচৰত বহি খিৰিকীখন মেলি বিশাল ব্ৰহ্মপুত্ৰৰ পাৰলৈ চাই আছে। ওপৰৰ আকাশত ধুনীয়া জোনবাইটি উঠিছে। ৰহদৈয়ে সোঁ-গালত নিজৰ সোঁ-হাতখন দি ভাবিলে — “হায় প্ৰভু কৃষ্ণ! মই কেনে হতভাগিনী জীৱ। প্ৰভু! তুমি মোকনো কেলেই এনুৱা কৰিছা। সৰুতে যাক ভাল পাইছিলোঁ, যালৈ মোক খোজা-বঢ়া কৰিছিল সেই মোৰ দয়াৰামৰ পৰা মোকনো কেলেই এইদৰে আঁতৰ কৰি মোক জ্বলাজুইত পুৰি মাৰিছা। ৰজা! ৰজাতো মোৰ ৰূপত বলিয়া; কিন্তু ৰজাৰ প্ৰেমতো নিৰ্মল নহয়। তেওঁ মোৰ গুৰু কন্যাৰ স্বামী। মোৰ মনে দেখোন ৰজাক কোনোৰকমেই ভাল নাপায়।” এইদৰে ভাবি বেচেৰীয়ে হুমুনিয়া এটা কাঢ়ি জাঁজী নৈৰ ফালে চাই আছে এনেতে সিফাল নৈৰ সিপাৰৰ পৰা কোনোবাই গোৱা গীত এটা শুনিলে— “থুৰিয়াই থুৰিয়াই তামোল কাটি দিছিলা তাৰ মাজত দিছিলা লং, মোলৈ আহিম বুলি কাপোৰ বই দিছিলা মনত লগাইছিলা ৰং। ” কোনে এনেকুৱা সুন্দৰ গীত গাইছে। মাতটো দেখোন কেতিয়াবা ক'ৰবাত শুনা- শুনা যেন লাগে। এনেতে আকৌ শুনিলে— “তোমালৈ বুলি গহনা গঢ়ালোঁ হাতলৈ গঢ়ালো খাৰু তুমি শুবা বুলি তুলীখান গঢ়ালো মাদুৰি তুলাৰে গাৰু।” গীত গোৱা মানুহটোৰ মাতটো বৰ মিঠা। আগেয়ে যেন ক'ৰবাত এই মাতটো শুনিছিল। এইদৰে ভাবোঁতে ভাবোঁতে বেচেৰী ৰহদৈৰ মনত পুৰণি সৰু কালৰ স্মৃতিবিলাক উদয় হৈ বেচেৰীক আকুল কৰিলে। বেছিকৈ ভবা-চিন্তা কৰাৰ ফলত আৰু বিশেষ যৌৱন কালত নাৰীজনমৰ যিটো ভোগ সেইটো নোপোৱাৰ কাৰণেও ৰহদৈৰ মগজুত হিষ্টিৰিয়া (Hysteria) ৰোগৰ উদ্ভৱ হ'ল। ৰহদৈ ধাঁচ কৰে মূৰ্চ্ছা গৈ চিঞৰ এটা মাৰি খাটখনত পৰি গ'ল। তৎক্ষণাৎ ভানু আৰু কাঁহমতী দুয়ো আহি ধৰাধৰিকে তেওঁক দাঙি নি খাটত শুৱালে।
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬২
অৱয়ব