সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৫৭ ৰ'ল। বেচেৰীৰ মনত সৰুকালিৰ সকলোবিলাক কথা পৰিব ধৰিলে। দয়াৰামে সৈতে ম'হ চৰোৱা, সাঁতোৰা, নিশা নচা, ইত্যাদি স্মৃতিয়ে তাইক আকুল কৰি তুলিলে। তাইৰ মনে তাইক ক'বলৈ ধৰিলে তাই যেন এজনী চৰাই হৈ সেই ফাতেকৰ পৰা ওলাই উৰি যাব। কিন্তু তাইৰ জ্ঞানে ক'লে যে তাই সেই ৰজাৰ বাহৰৰ পৰা শৰীৰটো লৈ পলোৱাটো অসম্ভৱ। তাই বিষম সংকটত পৰি সৰুতে মাক-বাপেকে শিকোৱা মতে ভাবি পালে যে সংকটত মধুসূদন কৃষ্ণই ৰক্ষা নকৰিলে আনে ৰক্ষা কৰোঁতা নাই। ইয়াকে জানি তাই ঢাৰিপাৰ্টীতে আঁঠু লৈ, ওপৰলৈ হাতযোৰ কৰি নিজৰ মনতে ক'ব ধৰিলে— “হে প্ৰভু কৃষ্ণ! অনাথৰ নাথ, অগতিৰ গতি, এই হতভাগিনীক এই সংকটৰ পৰা ৰক্ষা কৰা। মধুসূদন! তুমি দ্ৰৌপদীৰ লাজ নিবাৰণ কৰিছিলা, তুমি তোমাৰ ভকতক হেনো ৰক্ষা কৰি ফুৰা, আতুৰত পৰি তোমাৰ নাম ল'লে হেনো প্ৰভু মহাপাপীকো ত্ৰাণ কৰা। কৃপাৰ সাগৰ দয়াময়, ভকতবৎসল, ভবভয়হাৰী, বিপদকাণ্ডাৰী মধুসূদন! এই দুখুনীক ৰক্ষা কৰা, সংকটৰ পৰা উদ্ধাৰ কৰা। প্ৰভু ম‍ই নিৰুপায়, নিঃসহায়, অবলা। তুমি অবলাৰ সহায়। প্ৰভু উদ্ধাৰ কৰা” ইত্যাদিৰূপে তুতি কৰি নিজৰ মনতে কীৰ্ত্তনৰ সেই অতি সুন্দৰ মনোমোহা লেচাৰীটো “কৃষ্ণ একদেৱ দুঃখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ” গাই, চকুৰ পানীৰে গাৰুটো তিয়াই শুলে। নিশা তাই টোপনিত সমাজিক দেখিলে যেন এজন সুন্দৰ দিব্য তেজপুঞ্জ শৰীৰৰ গোসাঁই নে মহন্তই আহি তাইক কৈছে— “ৰহদৈ! তই কেলেই মোক ইমান দিক্‌দাৰি কৰিছ। বাৰু যদি ৰজাৰ ৰাণী হ'ব নোখোজ নহ'বি। ভয় কৰিবৰ কোনো কাৰণ নাই।” এই বুলি কৈ যেন সেই গোসাঁইজন গুচি গ'ল। তাই সাৰ পাই দেখে যে ৰাতি পুৱাইছে। কৃষ্ণক স্মৰণ কৰি উঠি বেচেৰীয়ে মুখ-হাত ধুলে, গা-পা তিয়ালে আৰু বেলি দহোটা বজাত চাইটা আহাৰ কৰি তামোলচালি খাই উঠিছে মাথোঁ এনেতে ৰজাই তাইক, ভানু আৰু কাঁহমতীকো মতাই নিলে। তেওঁবিলাক গৈ ৰজাৰ ৰংচ'ৰাত সোমাই দেখিলে যে ৰজাৰ আগতে বৰবৰুৱা ডাঙৰীয়াই আঁঠু লৈ বহি আছে। তেওঁবিলাকেও গৈ ৰজাৰ আগত আঁঠু লোৱা হ'লত ৰজাই ক'লে— “ৰহদৈ! মই লৰালৰিকৈ এতিয়া নগৰলৈ যাব লগা হ'লো। বৰফুকনক হেনো কোনোবাই কাটিলে। নগৰত হুলস্থূল লাগিছে। মই এই ডাঙৰীয়াৰ লগতে উলটি যাওঁগৈ। তই ইয়াত সন্তোষ মনে থাকিবি, মই উলটি গৈ নগৰত শান্তি থাপি যিমান শীঘ্ৰে পাৰো আকৌ ইয়ালৈ আহি তোক বিয়া কৰাম।” এই কথা কৈ ৰহদৈ আৰু লিগিৰী দুজনীক বিদায় দি ৰজাই নিজে নিজে আহাৰ কৰি আৰু বৰবৰুৱাকো আহাৰ কৰোৱাই হাতীয়ে ঘোঁৰাই নগৰলৈ উলটিল।