সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

r ৰহদৈ লিগিৰী ৫১ থোৱাৰ পিছদিনাই জন্মিয়ে বেগী ঘোঁৰ এটাত উঠি দিনতে গৈ ৰাঙলী বাহৰ পালে আৰু ভানু, কাঁহমতী দুয়োজনীকে ৰূপ-বান দি বশ কৰি ভাটিবেলাৰ পৰতে গৈ ৰহদৈৰ শোৱা খোঁটালীটোত সোমাই ৰহদৈক বহি থাকোঁতেই লগ পাই ক'লে,— “হেৰা গাভৰু! তোমাক পৰহি আমাৰ ঘৰত দেখিবৰে পৰা তোমাৰ ৰূপত ম‍ই তেনেই ভোল গৈছোঁ। মই তোমাক যিহকে লাগে তাকে দিম। মোত আজি ভজা।” ৰহদৈ— কি কৱ পাষণ্ড! হেৰা বাইহঁত! এইটো কোন আহি ইয়াত সোমাইছে চোৱাহিচোন। ৰহদৈৰ চিঞৰত ভানু, কাঁহমতী কেৱে উত্তৰ নিদিয়াত জন্মিয়ে হাঁহি হাঁহি ক’লে— “গাভৰু, কেলেই মিছাতে চিঞৰিছা? তুমি জানানে সিহঁত মোৰ আজ্ঞাকাৰিণী।” ৰহদৈ— এৰা! সিহঁত যে এনেকুৱা ৰাজদ্ৰোহী, বিশ্বাসঘাতকিনী বুলি জনা নাছিলোঁ। যা। জন্মি— বাৰু সিহঁত যেয়ে হওক মোত ভজা। ৰহদৈ— কেতিয়াও তেনে কাম নহ'ব। পাষণ্ড, ইয়াৰ পৰা ভালে ভালে গুচি জন্মি— গুচি যোৱাৰ আগেয়ে তোমাৰ এই অপূৰ্ব্ব ৰূপৰ দেহটো ভুগিহে যাম। ৰহদৈ— কেলেই মিছাতে মৰিবলৈ আহিছ। তোৰ নিচিনা পাষণ্ডক বুটী বাঢ়নী লগাম। জন্মি— কাক তই এনে কথা কৰ। নাজাননে মই বৰফুকনৰ পো। কেঁচাই খোৱাৰ ঘৰৰ। ৰহদৈ— খাগৈ তোৰ জাতৰ কুলৰ গাভৰুবিলাকক কেঁচাই। তই নাজানে ৰজাই মোক ৰাণী পাতিব খুজিছে। তোৰ এই অত্যাচাৰৰ কথা শুনিলে ৰজাই তোক শুদাই নেৰিব। জন্মি— “ৰজাই মোক কি কৰিব পাৰে। ৰজা মোৰ দেউতাৰ হাতৰ পুতলা। ৰজাৰ কোনো ক্ষমতাই নাই। সুন্দৰী! মোৰ আশা পূৰ্ণ কৰ”— এই বুলি জন্মিয়ে জাঁপ মাৰি উঠি ৰহদৈক আঁকোৱালি ধৰিবলৈ গ'ল। ৰহদৈয়ে তৎক্ষণাৎ কাপোৰৰ ভিতৰৰ পৰা খুৰ এখন উলিয়াই ক’লে— “আহ পাষণ্ড’ তোৰ গলত এই খুৰ মবহুৱাও যদি মই ৰহদৈয়ে নহওঁ?” ৰহদৈৰ ৰঙা চকু, খঙৰ মূৰ্তি দেখি ভীৰু, কাপুৰুষ, জন্মিয়ে পিছ হুঁহকি ক'লে— “তই কি মোৰ আশা পূৰ্ণ নকৰ? ” ৰহদৈ― (তাৰপিনে আগবাঢ়ি) নিশ্চয় নকৰোঁ পাষণ্ড! ইয়াৰ পৰা ওলাৱ যদি