50 ৰহদৈ লিগিৰী ৰাখিম। ইয়াত মই চকলং পাতিব নোৱাৰিম। ৰাণীয়ে আৰু আই-দেউতাই মহা অনৰ্থ ঘটাব, সেইদেখি মই তোক তাতে বিয়া কৰাম। ৰহদৈ— স্বৰ্গদেৱ ঈশ্বৰ! দয়াৰামৰ বা কি হ'ল তাৰ এটা সম্ভেদ নোপোৱাকৈনো বেটীয়ে কেনেকৈ স্বৰ্গদেৱক “ভাল পাইছো” বুলি ক'ম। ৰজা— তাৰ মূৰ্তিটো মনৰ পৰা আঁতৰাই মোৰ মূৰ্তিটো সেই ঠাইত বহুৱালেই মোক ভাল পাবি। সেইদেখি তই আৰু অবুজ নহ'বি। এতিয়া যাগৈ। খাই-বই ওলাই থাকিবি। ৰজাৰ এই আদেশত বেচেৰী ৰহদৈ ভিতৰলৈ গ'ল। দুপৰীয়া সকলোবিলাকে খাই-বই উঠাৰ পিছত ৰজাই শয়নগৃহত জিৰণি ল'বৰ সময়ত ৰাণীক ক'লে, “ৰাণী! মই ৰহদৈক আজি বিদায় দিম। ভাটিবেলিয়া বৰফুকনে আহি তাইক লৈ যাব।” ৰাণী— তাইক ক'লৈ বিদায় দিব? মাক-বাপেকৰ ঘৰলৈনে? ৰজা— মই সদ্যহতে ক'ব নোৱাৰোঁ। পিছত তাইক ক'লৈ বিদায় দিব, কণ্ঠ থ’ব সেইটো ভাৰ মই বৰফুকনক দিছোঁ। ৰাণী— তাইক আঁতৰ কৰি নি আন ঠাইত থৈ বিয়া কৰাব হ’বলা। ৰজা— সেইটোও মই ক'ব নোৱাৰোঁ। ঘটনাচক্ৰে কি কৰি তোলে কেনেকৈ ক’ম? ৰাণী— বাৰু! যেনে ভাল দেখিছে কৰক। পিছত মুঠতে এইটো কৈ থওঁ যে মই তাইৰে সৈতে কেতিয়াও একেলগে সতিনী নাখাটো। ৰজা— ভাল! সেইটো নকৰোওঁ। ইয়াৰ পিছত ভাটিবেলা বৰফুকনে ভানু আৰু কাঁহমতী নামৰ দুজনী লিগিৰীয়ে সৈতে আহি ৰহদৈক নিজৰ ঘৰলৈ লৈ গ'ল। আৰু তাত নিশাটো ৰাখি পিছদিনা নি ৰাঙলী বাহৰত ভানু, কাঁহমতী এই দুজনীক লগত দি থ'লে। চতুৰ্বিংশ অধ্যায় ৰাঙলী বাহৰত বাপেকে ৰহদৈক নি নিজৰ ঘৰত ৰাখিবৰ দিনা বৰফুকনৰ গুণধৰ পুত্ৰদ্বয় জন্মি পিয়লিৰ চকুত ৰহদৈ বেচেৰী পৰাত দুয়ো ভায়েকে ইটোৱে সিটোৱে নজনাকৈ ৰহদৈক উপভোগ কৰিবৰ নিমিত্তে উত্ৰাৱল হ'ল। কিন্তু সেই নিশা নিজ ঘৰত বিশেষকৈ বানু আৰু কাঁহমতীৰ লগত ৰহদৈ একে খোঁটালীতে শোৱা বাবে পাষণ্ডহঁতে নিজৰ ৰিপু চৰিতাৰ্থ কৰিবলৈ সুবিধা নাপালে। ৰাঙলী বাহৰত নি
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৫৩
অৱয়ব