ৰহদৈ লিগিৰী ৰূপচিং— ভাল মা! এতিয়া বিদায় হ'লোঁ। এই বুলি কৈ ৰূগচিঙে ৰাজমাৱক চেলাম দি গ'ল। ত্ৰয়োত্ৰিংশ অধ্যায় ৰজা আৰু বৰফুকন ৪৯ ৰূপচিঙে ৰাজমাৱে সৈতে আলচ-যুকুতি হোৱাৰ দুদিনৰ পিছত ৰাতিপুৱাই বদন বৰফুকন ৰজাৰ ঘৰলৈ আহি ৰজাক জনালে যে ৰাঙলী বাহৰ সজোৱা হ'ল। এতিয়া স্বৰ্গদেৱ ঈশ্বৰ গ'লেই হয়। বৰফুকনৰ কথাত ৰজা সন্তুষ্ট হৈ ক’লৈ,— “বৰফুকন ডাঙৰীয়া! তোমাৰ মই শলাগ ল'লোঁ। পিছত তাত লিগিৰী, লিকচৌ, কামিলা মানুহ সমস্ত যো-জা হৈছেনে?” বৰফুকন— হৈছে স্বৰ্গদেৱ! ৰজা— তেন্তে আজি ভাটিবেলা আপুনি আহি ৰহদৈক লৈ যাব। তাইক নি আগেয়ে তাত থওকগৈ। মই আৰু সাদিনৰ মূৰত ৰাঙলী বাহৰলৈ চিকাৰ খেলিবলৈ যাম। মোলৈ হাতী-ঘোঁৰা সকলো ঠিক-ঠাক কৰক। ৰাণী আৰু ৰাজমাৱৰ আগত কম যে ৰাণীৰ মনৰ অসন্তোষ গুচাবৰ কাৰণে মই তাইক কাৰেঙৰ পৰা আঁতৰালো। আপুনি লগত দুজনী আপোনাৰ বিশ্বাসী লিগিৰী লৈ আহিব। বৰফুকন— ভাল স্বৰ্গদেৱ ঈশ্বৰ। ভাটিবেলা আহি তাইক লৈ যাম। আজিয়েই তাইক লৈ ৰাঙলী বাহৰলৈ যাব নোৱাৰিম। বহু নিশা হ'ব। কাইলৈ পুৱাই নি থৈ আহিম। নিশা তাইক মোৰ ঘৰতে ৰাখিম। ৰজা— ভাল বাৰু এই কথা-বতৰাৰ পিছত বদন গুচি গ'ল। ৰজাই ৰহদৈক ৰংচ’ৰালৈ মতাই আনি ক'লে— “ৰহদৈ! মই তোক মোৰ এই কাৰেঙৰ পৰা আঁতৰাই জাঁজীৰ ৰাঙলী বাহৰত থ'ব খুজিছোঁ, ভাটিবেলা বৰফুকনে আহি তোক লৈ যাব। তই খাই-বৈ ওলাই থাকিবি।” ৰহদৈ― (আঁঠু কাঢ়ি হাতযুৰি) স্বৰ্গদেৱ ঈশ্বৰ! যদি বেটীক কাৰেঙৰ পৰা আঁতৰায়েই তেন্তে বেটীক আই-বোপাইৰ ঘৰলৈকে বিদায় দিয়ক। ৰজা— ৰহদৈ! মই তোক বিদায় নিদিওঁ বুলি আগেয়ে কৈছোঁ। তই মিছামিছিকৈ সেই দয়াৰামকে ধিয়াই থাকিব নালাগে। তই তাক পাহৰি মোক ভাল পাবলৈ চেষ্টা কৰ। তোক আজি পৰা দহদিন সময় দিলোঁ। তই ইয়াৰ ভিতৰতে দয়াৰামক পাহৰি মোক “ভাল পাইছে৷” বুলি ক'বই লাগিব। মোক “ভাল পাইছো” বুলি ক'লেই মই চকলং পাতি তোক বিয়া কৰাই সৰু ৰাণী কৰি ৰাঙলী বাহৰতে
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৫২
অৱয়ব