৪৬ ৰহদৈ লিগিৰী ৱেল্ছ চাহাবৰ উলটি যাবৰ সময়ত ৰজা আৰু বুঢ়াগোহাঁয়ে ৰূপচিঙক ৰজাৰ আহোম চিপাহীবিলাকক আগলৈকো যুদ্ধ-বিদ্যা শিকাই-বুজাই আপিট্ কৰিবলৈ চাহাবক খুজি ৰাখিলে; আৰু মাহে একুৰি চিকা ৰূপ দৰমহা দি আহোম ৰণুৱাবিলাকৰ ওপৰত চুবেদাৰস্বৰূপে আৰু ৰজাঘৰত পৰীয়াহঁতৰ চৰ্দ্দাৰৰূপে ৰাখিছিল। মানৰ যুদ্ধত ৰূপচিঙে ৰুচিনাথ গোহাঁইদেউৰ ফলীয়া হৈ বৰ বিক্ৰমেৰে যুঁজিছিল। নিজৰ যুদ্ধ-কৌশল আৰু বীৰত্বৰ গুণত মানে ৰূপচিঙক একো কৰিব নোৱাৰিলে। ৰূপচিং ৰজাঘৰীয়া চুবেদাৰ হৈ ৰ'ল। তেওঁ বাৰ বছৰ ৰজাঘৰত চুবেদাৰ হৈ থাকিবলৈ প্ৰতিশ্ৰুতি আছিল। তেওঁ বিয়া কৰোৱা নাছিল আৰু সেই কাৰণেই তেওঁৰ ভিতৰুৱা স্বভাৱ ভাল নাছিল। যদিও নিজৰ কামত কেতিয়াও ত্ৰুটি দেখুওৱা নাছিল তথাপি নিশা হ'লেই ৰূপচিঙে দুই-চাৰি বাটি মদ বা ফটিকা পিছিল। আৰু চেগ বুজি পৰীয়াহঁতক কামত সতৰ্ক ৰাখি গাভৰু বিচাৰ-খোচাৰ কৰি নিজৰ ৰিপু চৰিতাৰ্থ কৰিছিল। সেই নিশা ৰূপচিঙে টেটুলৈকে মদ, ভাত খাই উঠি নিজৰ খোঁটালীত বহি চাকৰে লগাই দিয়া গুৰগুৰীটোত মৌজ কৰি ধঁপাত হুপি আছিল। এনেতে আমাৰ ৰহদৈ লিগিৰী গৈ মিহি সুৰেৰে মাত লগালে— “চৰ্দ্দাৰ আছানে? ” ৰূপচিং— কোন তোম? ৰহদৈ— মই ৰহদৈ লিগিৰী। ৰূপচিং— অ' আহাঁ মোৰ হোনটি বহাহি। ৰহদৈ— চৰ্দ্দাৰ চাহাব! মই বহি-মেলি মেল পাতি সময় কটাব নোৱাৰোঁ। তোমাক ৰাজমাৱে কিবা এটা কথাৰ কাৰণে মাতি পঠিয়াইছে। তুমি এতিয়াই মোৰ লগত আহাঁ৷ ৰূপচিং— ৰাজমাৱে মাতিছে? কিয় মাতিছে কোৱা। ৰহদৈ— কিয় মাতিছে ক'ব নোৱাৰোঁ। তুমি মাথোন শীঘ্ৰে মোৰ লগত আহাঁ৷ ৰূপচিং— ৰাজমাৱৰ ওচৰলৈ মই এইদৰেতো যাব নোৱাৰোঁ। মোৰ পোছাক পিন্ধো মানে এই দুখীয়াৰ পঁজাত থোৰা বহা; তুমি অহাত মোৰ পঁজাটো পোহৰ হৈছে। দৰাচলতে ৰহদৈ তুমি স্বৰ্গৰ তিলোত্তমাৰ দৰে বৰ হুন্দৰী আছা। ৰহদৈ— কিনো ঠেট্টা কৰা চুবেদাৰ— তুমি শীঘ্ৰে ওলোৱা। নহ'লে মই যাওঁগৈ৷ ৰূপচিং— “নাযাবা নাযাবা হোনটি। এই মই কাপোৰ পিন্ধিব ধৰিছোঁ”— এই বুলি কৈ ৰূপচিঙে ততাতৈয়াকৈ কাপোৰ পিন্ধিলে; কঁকালত তৰোৱাল আঁৰিলে আৰু ওলাই আহি ৰহদৈক ক'লে— “হেৰা হোনটি! মই তোমাৰ ৰূপ ভোল গৈছোঁ। তুমি মোক মিঠা মাতেৰে আৰু তোমাৰ ৰূপৰ ছটাৰে, তোমাৰ নয়ন বাণেৰে
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৪৯
অৱয়ব