সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 ৰহদৈ লিগিৰী নকৰিবা। বুঢ়াগোহাঁয়ে মোৰ সত্ৰাম সখিক নিৰ্ব্বাসিত কৰিবৰ দিনাৰে পৰা ম‍ই বহুত সহ্য কৰিবলৈ শিকিছো, ধৈৰ্য্য ধৰিবলৈ যত্ন কৰিছোঁ। পিছত ৰাণী! বুজি চাবা ধৈৰ্য্যৰো সীমা এটা আছে। ৰজাৰ এই কথাত বুদ্ধিমতী ৰাণীয়েও প্ৰবোধ মানিলে আৰু ৰজাৰ দুয়ো ভৰিত সাবট মাৰি ধৰি ক’লৈ, “স্বৰ্গদেৱ ঈশ্বৰ! বেটীৰ দায়-দোষ ক্ষমা কৰিব। আশা কৰিছোঁ স্বৰ্গদেৱ ঈশ্বৰে এটা কলঙ্ক যেন নাৰ্জ্জে।” অষ্টাবিংশ অধ্যায় ৰজা আৰু বৰফুকন ৰজাক কোৱা মতে পিছদিনা বদন বৰফুকনে ৰজাঘৰলৈ আহি ৰজাক ৰংচৰাত সেৱা-সৎকাৰ কৰি বহিল। ৰজাই হাঁহি হাঁহি সুধিলে— “পিছত ডাঙ্গৰীয়া মই কোৱা কথাটোৰ কি সিদ্ধান্ত কৰিলে? ” বদন— স্বৰ্গদেৱ ঈশ্বৰ! বন্দীয়ে নকৈ নোৱাৰো যে স্বৰ্গদেৱ ঈশ্বৰে লিগিৰী এজনীক বিয়া কৰাই এই কাৰেঙত ৰাখিলে মহা অনৰ্থ ঘটিব। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ফলীয়া প্ৰজা এতিয়াও অনেক গুপ্তভাৱে আছে। সিহঁত স্বৰ্গদেৱৰ অনিষ্ট চিন্তাত ব্যস্ত; ৰাজমাও দেউতাও বুঢ়াগোহাঁইৰ ফলীয়া। এনেকুৱাবিলাক স্থলত স্বৰ্গদেৱ ঈশ্বৰে ভকতৰ জীয়ৰী এজনীক বিশেষ আগেয়ে লিগিৰী হৈ থকাজনীক ৰাণী কৰিলে বাহিৰত এটা বিদ্ৰোহ উপস্থিত হ'ব পাৰে আৰু ভিৰততো এটা অশান্তিৰ স্থল হ'ব। সেইদেখি বন্দীয়ে জনাওঁ স্বৰ্গদেৱ ঈশ্বৰে এটা কাম কৰিলে ভাল হ'ব। স্বৰ্গদেৱ ঈশ্বৰে তাইক জাঁজীৰ ৰাঙ্গলী বাহৰত ৰাখি তইক মনে মনে বিয়া কৰাই কমলাবৰীয়া কুঁৱৰী নাম দি ৰাখক। তেনেকুৱা হ'লে স্বৰ্গদেৱ ঈশ্বৰৰ মনস্কাম পূৰ্ণ হ'ব, ৰাইজেও নেজানিব; আনকি ৰাণী মাৱেও নেজানিব। ৰজা— ডাঙ্গৰীয়া! আপুনি ঠিক মোৰ মনৰ কথাটোকে কৈছে। আপুনি ৰাঙ্গলী বাহৰটো ভাল কৰাবলৈ মানুহ-দুনুহ পঠিয়াওক। তাত ভাল দুজনী লিগিৰী, এটা সৰু ল'ৰা, এজনী সৰু লিগিৰী, এজনী চাংমাই ইত্যাদি নিযুক্ত কৰক। তাৰ পিছত তাৰ বন্দৱস্ত সমস্তবিলাক হৈ গ'লে মোক জনাবহি। মই ৰহদৈক আগেয়ে অৰ্থাৎ দুদিন কি তিনিদিনৰ আগেয়ে আপোনাৰ হাতত দিম। আপুনি তাইক মাজুলীলৈ পঠাই দিম বুলি কৈ তাত নি থ'বগৈ। পিছত ম‍ই দহ দিনলৈ চিকাৰ খেলিবৰ ছলেৰে গৈ যি হয় কৰিম। বদন— সজ পৰামৰ্শ। বন্দীয়ে আজিয়েই ৰাঙ্গলী বাহৰটো ভাল কৰিবলৈ মানুহ পঠিয়াম। এতিয়া বিদায় হে মাগিলোঁ। ৰজা— ভাল যাওক ডাঙ্গৰীয়া।