সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী তেখেতে মোক চকলং পাতি বিয়া কৰাই সৰু ৰাণী কৰিব। ৰাণী— তই, চাগৈ বৰ ৰং পাই সন্মতি জনাইছ নহয়নে? ৩৯ ৰহদৈ— মহয় মাতৃ! মই ক'লো যে মই আই-বোপাইৰ ঘৰত থাকোতে দয়াৰাম নামেৰে ডেকা এটাক ভাল পাইছিলো। তাত ম‍ই বিয়া সোমাম বুলি সইত কাঢ়িছিলো। তাৰ বাপেকে মোক খোজা-বঢ়াও কৰিছিল। সেইদেখি মই এতিয়াও তাক ভাল পাওঁ। মোৰ মনে তাকে স্বামী গুৰু বুলি লৈছো। স্বৰ্গদেৱ ঈশ্বৰে মোৰ দেহৰ গৰাকী হ'লেও মনৰ গৰাকী নহ'ব। এই কথাত স্বৰ্গদেৱ ঈশ্বৰে কৈছে যে যেতিয়ালৈকে মই দয়াৰামক পাহৰি স্বৰ্গদেৱৰ ৰাণী হ'বলৈ সন্মত নহওঁ তেতিয়ালৈকে মোক বল কৰি ৰাণী নাপাতে। কিয়নো ইন্দ্ৰবংশীয় ৰজাই পৰৰ পেলনীয়া বস্তু হেনো গ্ৰহণ নকৰে। পিছত ৰজাই মোক হেনো সতকাই বিদায়ো নিদিয়ে। ম‍ই মহা সংকটত পৰিছো মাতৃ। মোক কেনেকৈ পাৰে আপুনি আৰু ৰাজ মাৱে উভয়ে লগ লাগি উদ্ধাৰ কৰক। ৰাণী— বাৰু ৰহদৈ! মই তোক সোধো তই সঁচাকৈয়ে দয়াৰামক পাহৰা নাইনে? ৰহদৈ— নাই পাহৰা মাতৃ! তদুপৰি তাক যিমানেই পাহৰিবলৈ চেষ্টা কৰো সিমানেই তাৰ মূৰ্তিটো মোৰ মনলৈ বেছিকৈ আহে। ৰাণী— সি যদি নাই, মৰিছে তেন্তে তই কি কৰিবি? ৰহদৈ— মাতৃ! মই বছৰেকলৈ বিধৱাভাবে থাকিম। তাৰ পিছতো যদি ৰজাই নেৰে তেন্তে ৰজাৰ দ্বিতীয়া ৰাণী হ'ম। ৰাণী— যদি ৰজাই তাক বিচাৰি-খোচাৰি আনি প্ৰাণবধ কৰে অথবা তোৰ আগাআগিকৈ তাক তোৰ পৰা এৰুৱাই আন এজনী বিয়া কৰাই দিয়ে তেতিয়া কি কৰিবি? ৰহদৈ— মাতৃ! মই স্বৰ্গদেউক কৈছো যদি দয়াৰাম আহি ৰজাৰ আগত আৰু মোৰো আগত কয় যে সি মোক এৰিলে তেন্তে তেতিয়া ৰজাই ইচ্ছা কৰিলে মই ৰজাৰ সৰু ৰাণী হ'বলৈ সন্মত জনাবলৈ বাধ্য হ'ম। যদি ৰজাই তাক বধ কৰে তেন্তে মই আত্মঘাতিনী হ'ম। ৰাণী— ঠিক তোৰ এনেকুৱা প্ৰতিজ্ঞানে? ৰহদৈ হয় মাতৃ! মোৰ এই প্ৰতিজ্ঞা। ৰহদৈৰ এই কথাত ৰাণী মাৱে দীঘলকৈ হুমুনিয়া এটা কাঢ়ি ক'লে— “ৰহদৈ তোৰ আচৰণ মই শলাগিছো। দৰাচলতে তই যদি সতী, তই প্ৰকৃত আমাৰ অসমীয়া গাভৰু তেন্তে তই দয়াৰামক নাপাহৰিবি— ৰজাৰ কথাত সন্মত নহ'বি।