৩৮ ৰহদৈ লিগিৰী নিৰ্ব্বাসন কৰা পোন্ধৰ দিনমানৰ পিছতে ৰাণী মাৱে ৰজাক বৰকৈ ধৰি মেলি নিশা খেচালত কৰি, ৰোহ পাতি ভাদৈ, আঘোণী দুয়োজনীকে ৰজাৰ হতুৱাই ৰাজহাউলিৰে দুটা লিগিৰালৈ বিয়া দিয়াই ৰজাক নিজৰ মাজুলীৰ পৰা লগত অনা দুজনী দহ-এঘাৰ বছৰ বয়সীয়া কুমাৰীক ৰজাৰ হাতধৰি লিগিৰী কৰি দিলে। ‘ৰহদৈৰ ৰূপ দেখি ৰাণী মাৱে জানিছিল যে একালত ৰহদৈ ৰজাৰ চকুত পৰি তেওঁৰ সতিনী হৈ তেওঁৰ সুখৰ বাটত কাঁইট হ'ব। এইবিলাক ভাবি-চিন্ত আৰু মনে মনে ভাদৈ আৰু আঘোণীয়ে লগোৱা কথা শুনি ৰাণী মাৱে ৰহদৈক তেওঁ (ৰাণী মাও) ৰজাঘৰলৈ আহিবৰে পৰা সন্দেহৰ চকুৰে চাইছিল। আৰু এবাৰ নে দুবাৰ “তাই অবাধ্য, হাক বচন নুশুনে, মোক নামানে” এনেকুৱা কথা লগাই তাইক খেদিবলৈকো চেষ্টা কৰি নিষ্ফল হৈছিল। ৰজাই যে তাইক পেটে পেটে ভাল পায় আৰু ৰাজমাৱে যে তাইৰ হতুৱাই স্বাভীষ্ট পূৰণ কৰিছিল এইবিলাক কথা ৰাণী মাৱে জানিছিল। কন্যাকাল হৈ উঠিবৰে পৰা ৰাণী মাৱৰ অন্তৰ জ্বলিব-পুৰিব ধৰিলে। ৰজাৰ ৰংচ’ৰালৈ ৰাণী মাও ৰজাৰ বিনা অনুমতিত আহিব নোৱাৰিলেও ভিতৰৰে পৰা প্ৰখৰা বুদ্ধিমতী ৰাণী মাৱে ৰংচ'ৰাৰ সকলো কথাৰ আলেখ-লেখ লৈছিল। যি মুহূৰ্ততে ৰজাই ৰহদৈক তেওঁৰ প্ৰেম জনালে আৰু ৰহদৈয়ে তাইক বিয়া কৰাবলৈ ৰজাক একপ্ৰকাৰ কবুল কৰালে সেই মুহূৰ্ততে ৰাণী মাৱৰ শিৰ টনকিল। ৰাণী মাৱে নিজৰ স্ত্ৰীস্বভাৱসুলভ গুণেৰে এই কথা জানি তাৰ পিছদিনা ৰজা দুপৰীয়া চাংমাইশালৰ মেললৈ যাওতে ৰহদৈক মতাই নি নিজৰ খোঁটালীত বহুৱাই সুধিলে— “ৰহদৈ মই তোক এটা কথা সোধো তই সঁচা কবি। সঁচা ক'লে সম্পদ পাবি। মিছা ক'লে তোৰ বিপদো হ'ব পাৰে।” ৰহদৈ— আজ্ঞা কৰক মাতৃ। কি ক'ব লাগে। সঁচাত বাজে ৰহদৈয়ে কেতিয়াও মিছা নাজানে। ৰাণী— কচোন তেন্তে স্বৰ্গদেৱ ঈশ্বৰে তোত চকু দিছেনে? কোনো মধুৰ আলাপ কৰিছেনে? ৰহদৈ— মাও! ৰজাই গ'ল গধূলি মোক মৰম জনাই মোৰ দেহটো ভূগিবলৈ বাঞ্ছা কৰিছিল। ৰাণী— পিছত ভূগিলেনে সঁচা ক’বি। ৰহদৈ— মাও! মোৰ দেহটো ভূগিবলৈ নাপালে। মই ক'লো যে আমাৰ হিন্দুৰ দস্তুমতে বিয়া নকৰোৱাকৈ কোনো গাভৰুৱে কোনো ডেকাক ভজিলে কলংক যে হয়েই তদুপৰি মহাপাপ হয়। স্বৰ্গদেৱ ঈশ্বৰে ত্ৰৈলোক্যৰ ৰজা হৈ এনেকুৱা মহাপাপ কৰা যুগুত নহয়। মই এই কথা কোৱাত স্বৰ্গদেৱ ঈশ্বৰে ক'লে যে তেনেহ'লে
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৪১
অৱয়ব