সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 স্বৰ্গদেৱৰ ভোগত লগাব পাৰোঁ। ৰহদৈ লিগিৰী ৰজা— ৰহদৈ! তই মোক কথাত ঘতুৱালি। মই সেই দেখি বল নকৰো। ধন্য। তোৰ নিচিনা তিৰোতা যেয়ে পাব সেয়ে প্ৰকৃত ভাগ্যৱান পুৰুষ। যি কি নহওক তই চেষ্টা কৰ তাক পাহৰিবলৈ। এই বুলি কৈ ৰজাই ৰহদৈক বিদায় দি চাংমাইসকলৰ মেললৈ গ'ল। চতুৰ্ব্বিংশ অধ্যায় ৰহদৈৰ চিন্তা আৰু সপোন মোৰ মৰমৰ সহৃদয়া পাঠক-পাঠিকাসকল! ৰহদৈৰ নিচিনা এজনী ভকতৰ জীয়ৰীয়ে যে এই পৰিমিত চন্দ্ৰকান্ত ৰজাৰ নিচিনা এজনা সুপুৰুষ ৰজাৰ ৰাণী হ'বলৈকো বাঞ্ছা নেদেখুৱালে এই কথাত তোমালোকে কেৱে যেন আচৰিত নোহোৱা। সেই কালত অৰ্থাৎ মানৰ দিনৰ আগলৈকে অসমীয়া গাভৰুসকল আৰু প্ৰায় তিৰোতাসকল সতী-সাধ্বী আছিল। তেওঁবিলাকে ধৰ্ম বোলা বস্তুটোত মুগ্ধ থাকি পাপলৈ বৰ ভয় কৰিছিল। সেইকাৰণেই বেচেৰী ৰহদৈয়ে ৰজাৰ প্ৰেম-সম্ভাষণ পায়ো, ৰজাই তাইক সৰু ৰাণী কৰিব এনেকুৱা অংগীকাৰ পায়ো, অমৰ বাঞ্ছিত ৰাণী পদকো ধৰ্মৰ অৰ্থে অস্বীকাৰ কৰিলে। সেই নিশা ৰহদৈয়ে খাই-বৈ উঠি নিজৰ খোঁটালীলৈ গৈ বিচনাত পৰি কি হ'ল, কি কৰিম এনেকুৱা এটা ভাবত ভালেমান নিশালৈকে শুব নোৱাৰিলে। ৰজাই তাইক দয়াৰামলৈ ভাব এৰিবলৈ আদেশ কৰিছে। কিন্তু তাই যিমানেই দয়াৰামক পাহৰিবলৈ চেষ্টা কৰে সিমানেই তাইৰ মনত সেই সৰুকালৰ লগে লগে ফুৰা, লগে লগে ম'হ চৰোৱা, লগে চ'তৰ নিশা বিহুত নচা-গোৱা ইত্যাদি কথা মনত পৰিব ধৰিলে। এইবিলাকৰ উপৰি উভয়ে উভয়ক ভাল পাওঁ বোলা কথা, দয়াৰামলৈ তাইক খোজা-বঢ়া কৰা কথা মনত পৰি তাইৰ ছাটি-ফুটি লাগিল। তাইৰ মনত হ'ল তাইনো কি কুক্ষণত ৰজাঘৰলৈ গোসাঁনী চাবলৈ আহিছিল। আহিছিল আহিছিল তাইনো কেলেই ৰজাৰ চকুত পৰিল এই ভাবটোৱে তাইক আকুল কৰিলে। আজি তিনি-চাৰিমাহে তাই বেচেৰীয়ে মাক- বাপেকৰো কোনো খবৰ-বাতৰি পোৱা নাই। দয়াৰামৰো আজি তিনি-চাৰি বছৰে বা কি হ'ল কি নহ'ল, কলৈ গ'ল, ক'ত আছে তাৰো একো সম্ভেদ নাই। এইবিলাক ভাবি-চিন্তি তাইৰ দুচকুৰে দুধাৰ লো বলে। বেচেৰীয়ে ভালেমান পৰ ফেঁকুৰি ফেঁকুৰি কান্দি তাহানি সৰুতে বাপেকৰ মুখত শুনা সেই লেচাৰিটো গুণ গুণ কৰি গালে—