ৰহদৈ লিগিৰী ৩৩ ৰজা- মই এতিয়ালৈকে তাৰ বাতৰি নাপালো। সি কিজানি মৰিলেই তাৰো ঠিকনা নাই। মিছামিছিকৈ তালৈ বাট চাই তোৰ ডেকা গা বুঢ়া কৰা উচিত নহয়। তই জাননে যে মই ৰাণীক বিয়া কৰাইছে৷ তথাপি তোক পাহৰা নাই। তই মোত ভজ মই তোক মোৰ সৰু ৰাণী কৰিম। ৰহদৈ— স্বৰ্গদেৱ ঈশ্বৰে বেটীক এইদৰে কোৱা যুগুত নহয়। বেটী সামান্য ভকতৰ জীয়ৰী হৈ স্বৰ্গদেৱ ঈশ্বৰৰ ৰাণী হ'বৰ যোগ্যা নহওঁ। তদুপৰি ৰাণী মাৱে শুনিলে আৰু জানিলে বা কি বুলিব। সেইদেখি স্বৰ্গদেৱ ঈশ্বৰে এই বেটীক আই- বোপাইৰ ঘৰলৈকে বিদায় দিব লাগে। ৰজা- তই জাননে ৰজাই ভাল দেখে যাক ভাৰ-ভেটী নালাগে তাক? তোক মই যেতিয়াই ভাল পাই ৰাণী পাতিম তেতিয়া তই ৰাণীয়েই হ’বি। পিছত তোক ৰাণী পতাৰ আগেয়ে মোৰ আশা পূৰ্ণ নকৰিবিনে? ৰহদৈ— স্বৰ্গদেৱ ঈশ্বৰ। ৰজাই কাটে সমুদ্ৰে বুৰায়। স্বৰ্গদেৱ ঈশ্বৰে বল কৰিলে বেটীৰ কোনো উপায় নাই। পিছত স্বৰ্গদেৱ ঈশ্বৰে নিজৰ সোণৰ মুখেৰে কৈ থৈছে যে দয়াৰামক অনাই তাক সুধি-পুছি সি যদি আন এগৰাকী বিয়া কৰাবলৈ সন্মত হয় তেতিয়া এই বেটীক ৰাণী কৰিব। বেটীয়ে এই বাক্যকে ধৰি আছোঁ। ৰজা— · যদি সি মৰিছে বা তাক নাপাওঁ তেতিয়া? ৰহদৈ— তেতিয়া হ'লে স্বৰ্গদেৱ সি যদি মৰা বাতৰি সঠিক পাওঁ, তেনেহ'লে বছৰেকলৈকে তাৰ উদ্দেশ্যে একপ্ৰকাৰ বিধৱা ব্ৰত ধৰিম। তাৰ পিছত স্বৰ্গদেৱে যদি তেতিয়াও দাসীক নেৰে, তেন্তে দাসীয়ে স্বৰ্গদেৱ ঈশ্বৰৰ শ্ৰীচৰণ দুখানি দাসীভাৱেই হওক বা ৰাণীভাৱেই হওক সেৱিম! ৰজা— ইমান দিন বাট চাবলৈ মই টান পাম। পিছত তই যদি পাহৰ আৰু পাহৰিছো বুলি কৱ, তেন্তে মই তুৰন্তে বিয়া কৰাই তোক সৰু ৰাণী পাতিম। ৰহদৈ— স্বৰ্গদেৱ ঈশ্বৰ! বেটীয়ে তেতিয়া হ'লেও এই কাৰেঙত থাকি ৰাণীমাৱৰ সমানে সতিনী খাটিব নোৱাৰিম। এতিয়াই স্বৰ্গদেৱে বেটীক এফেৰা মৰম কৰে বুলি জানি বেটীক ভাদৈ, আঘোণী আৰু ৰাণীমাৱেও ভাল নাপায়, দেখিব নোৱাৰে; তেতিয়া হ'লে মোৰ মৰণেহে পৰাচিত হ'ব। ৰজা— ভয় নকৰিবি, মই তোক কমলাবৰীয়া কুঁৱৰী নাম দি ৰাঙলী বাহৰত ৰাখিম। পিছত সদ্যহতে তই মোত নভজনে? চাপি আহি চুমা এটা দে! ৰহদৈ— স্বৰ্গদেৱ ঈশ্বৰে প্ৰতিজ্ঞা ভংগ কৰিলে স্বৰ্গদেৱ ঈশ্বৰৰ আৰু এই বেটীৰো ধৰ্মনাশ হৈ মহাপাপ হ'ব। দয়াৰামৰ কি হ'ল সেইটো জানিব লাগে অথবা মই তাৰ মূৰ্তিটো মনৰ পৰা আঁতৰাব পাৰিলে, তেহে মোৰ এই ভেদেলা দেহটো
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩৬
অৱয়ব