ৰজা—(অলপ বিৰক্ত ভাবেৰে) কি কৱ ৰহদৈ! এই বস্তু বৰ ভাল ইয়াক খালে শৰীৰত বল-শক্তি বাঢ়ে। আমি এইবিলাক খাওঁ দেখি আমাৰ গাত সৰহ বল। তহঁতৰ হিন্দুবিলাকে আদা, লোণ আৰু পানী চাকোতে চাকোতে দুৰ্বলী হৈ গৈছে। তই কৈছ হিন্দুৱে এইবিলাক বস্তু নাখায়। কিন্তু তই দেখোন নিজেই দেখিছিলি শান্তিৰাম মেধিৰ ল'ৰা হৈও আমাৰ লগতে বহি মদ-ফটিকা আৰু এই ৰঙা চৰাইৰ মঙহো খাইছিল। মই সতাই সখিৰ পৰা এইটোও জানিছিলো যে ওখ জাতৰ ভালেমান হিন্দুৱে কিবা বোলে নিশা সেৱা এটাত এই বস্তু কলহে কলহে পিয়ে। এনেকুৱা চৰাই আন কি চাৰিঠেঙীয়া দঁতালটোকো লয়। তই আজি ইমান দিন আমাৰ কাৰেঙত থাকিও এই বস্তু আঘোণী আৰু ভাদৈৰ লগত খোৱা নাইনে?
ৰহদৈ—স্বৰ্গদেৱ ঈশ্বৰ! আঘোণী আৰু ভাদৈ বাইদেৱহঁতে অনেক সময়ত মোক ফুচুলালেও মই এই বস্তু খোৱা নাই। সেইদেখি স্বৰ্গদেৱ ঈশ্বৰে বেটীক যেন ল'বলৈ আদেশ নিদিয়ে।
ৰজা—বাৰু। তই যেতিয়াই এই বস্তুটো আগে-পিছে খোৱা নাই মই তোক বল নকৰো। পিছত ৰহদৈ, তই এটা আজি গীতকে গাচোন।
ৰহদৈ—ভাদৈ আৰু আঘোণী বাইকো মাতি আনিমনে?
ৰজা—নেলাগে সিহঁতক মাতিব। তই অকলৈ গাচোন।
ৰহদৈ—তললৈ মূৰ কৰি গুণ গুণ্কৈ—
চৰায়ে তুলিলে ছবুৰী পোৱালি
গছৰ ডাল শুৱনি কৰি;
ৰহদৈক তুলিলে আয়ে বোপায়ে
নৈৰ ঘাট শুৱনি কৰি।
নৈৰ ঘাটতে গৰু চাৰিছিলে
কলীয়া কানাই দেৱে;
বাঁহীৰ মাততে উত্ৰাৱলী হুই
লৰিছিলো গোপীসৱে!
ৰজা—বঢ়িয়া! ৰহদৈ তোৰ মাতটোও বৰ শুৱলা। পিছত তোক এটা কথা কওঁ।
ৰহদৈ―(হাতযোৰ কৰি) কি কথা স্বৰ্গদেৱ!
ৰজা—ৰহদৈ! তই দেখিবলৈ দিনক দিনে বৰ ধুনীয়াজনী হৈছ। পিছত তই এইদৰেই তোৰ যৌৱনটো খেদাবিনে?
ৰহদৈ—স্বৰ্গদেৱ ঈশ্বৰ। মোৰনো উপায় কি? ঈশ্বৰে দয়াৰামৰ কিবা বাতৰি পালেনে?