ৰহদৈ লিগিৰী ৩১ অন্যায় অত্যাচাৰত উজনি অসমত প্ৰথমবাৰ মানৰ আক্ৰমণত হোৱা হাহাকাৰতকৈ বেছি হাহাকাৰ হৈছিল। বুঢ়াগোহাঁইৰ ফৈদৰ দুই-এজন বৃদ্ধই গোপনে ৰাজমাৱলৈ বৰফুকন আৰু তেওঁৰ পুত্ৰদ্বয়ৰ অন্যায়-অত্যাচাৰৰ বাতৰি পঠিয়াই আছিল। ৰাজমাৱে এইবিলাক বাতৰি পাই দেশখনকনো কেনেকৈ, কি উপায়েৰে বৰফুকনৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিব ইয়াকে দিনে-নিশাই চিন্তা কৰিছিল। ত্ৰয়োবিংশ অধ্যায় ৰজা আৰু ৰহদৈ মান গুচি যাবৰ আৰু বৰফুকনৰ একাধিপত্য কৰিবৰ প্ৰায় ছমাহ হ'ল। শৰৎকাল। আহিন মাহ। ৰজাঘৰত দুৰ্গোৎসৱ হৈ যাবৰ আজি পাঁচ দিন হৈছে অৰ্থাৎ আজি পূৰ্ণিমা তিথি। গধূলি হৈ এটাইছে। ৰজাঘৰে প্ৰজাঘৰে বন্তি জ্বলিছে। আকাশত ৰূপহী জোনাইটি উঠি গোটেইখন জগতকে পোহৰ কৰিছে। এনেকুৱা সময়তে আজি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে তেওঁৰ ভিতৰ ৰংচ'ৰাৰ খাটোলাৰ ওপৰত বহি মাত লগালে, “হেৰ ৰহদৈ আছেনে?” ৰজাৰ মাত শুনি ৰহদৈ লিগিৰী ততাতৈয়াকৈ ভিতৰৰ পৰা ওলাই আহি হাতযুৰি আঁঠু লৈ জনালে,- “স্বৰ্গদেৱ ঈশ্বৰ! বেটীক বা কেলেই মাতিছে?” ৰজা— – আজি মোৰ খেলৰ লগৰীয়াকেইজন নাহে। সিহঁতে গ'ল কালিয়েই মোত বিদায় লৈ গৈছে। আজি বোলে কিবা হেনো লক্ষ্মীপূজা সেইদেখি নাহে। মই চাংমাই শালৰ মেললৈ যোৱাৰ আগেয়ে অকলেহে থাকিব লাগি। মোলৈ অলপ সাজ-বস্তু লৈ আহিব পাৰেনে? ৰজাৰ এই আদেশত ৰহদৈ বেগেৰে ভিতৰলৈ গৈ সোণৰ বাটি এটা, নতুন টেকেলি এটা, আৰু এখন মাইচাঙত কেতখিনি ভজা মঙহ ভিতৰৰ এজন চাংমাইৰ হতুৱাই অনাই ৰজাৰ আগত এখন শৰাইত থোৱালে। ৰজাই চাংমাইক ভিতৰলৈ যাবলৈ ক'লে। ৰহদৈক তেওঁৰ সোণৰ বাটিত টেকেলিৰ পৰা মদ ঢালি দিবলৈ আদেশ কৰিলে। স্বৰ্গদেৱ ঈশ্বৰৰ আদেশ পালন নকৰিবৰ সাধ্য কাৰ? বেচেৰী ৰহদৈ ৰজাক মদ ঢালি দিলে। ৰজাৰ মদ খাই লগে লগে দুডোখৰ ভজা মঙহ খাই যেতিয়া ৰাগী লাগিল তেতিয়া ৰজাই ক'লে,— “হেৰ ৰহদৈ। তইও এটুপি লচোন।” ৰহদৈয়ে আঁঠু কাঢ়ি হাত যুৰি জনালে— “স্বৰ্গদেৱ ঈশ্বৰ! কাটক বা মাৰক বেটীক এই বস্তু ল'বলৈ নক'ব। স্বৰ্গদেৱ ঈশ্বৰে জানে বেটী এজন হিন্দু ভকতৰ জীয়ৰী বিশেষ মহাপুৰুষীয়া পন্থৰ। সাত পুৰুষতো বেটীৰ এই বস্তু লোৱাৰ অভ্যাস নাই।”
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩৪
অৱয়ব