সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

09 ৰহদৈ লিগিৰী কিদৰে মানে আহি আক্ৰমণ কৰিলে, কিদৰে বুঢ়াগোহাঁই ঢুকাল— এই সমস্ত বিৱৰণ ‘ৰঙ্গিলী' উপন্যাসত দিয়া হৈছে। দ্বাবিংশ অধ্যায় মানৰ প্ৰথম আক্ৰমণৰ পিছত আৰু বদন বৰফুকনৰ দিনত স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহই ভূতৰ পুতেকৰ খবৰ আৰু তাৰ পিছত মানে অসম আক্ৰমণ কৰাত, তেওঁৰ আগৰ সকলো বন্ধু-বান্ধৱ হেৰুৱাই বিশেষকৈ সত্ৰামক হেৰুৱাই কিছুমান দিনলৈ ঘৰৰ ভিতৰতে ৰাণীয়ে সৈতে সোমাই থাকিব লগাত পৰিছিল। ৰাণী মাৱে ৰজাৰ এই কাৰ্যত পেটে পেটে ভাল পাইছিল। এমাহমানৰ মূৰত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে আকৌ নিজ প্ৰকৃতি ধৰিলে। আগৰ দৰে আকৌ তিনি-চাৰিজন ডেকা লগত লৈ বিশেষকৈ বদন বৰফুকনৰ গুণধৰ পুত্ৰদ্বয় জন্মি- পিয়লিক লৈ, ৰাজকাৰ্য এইবেলি সোপাকে বদন বৰফুকনক এৰি দি, নিজে দিনে- নিশাই মদ-ফটিকা পিয়াত, বন্ধুকেইজনে সৈতে দহ-পঁচিশ আৰু পাশা খেলোৱাত, লিগিৰীসকলক নচুৱাই সিহঁতৰ লগত চুপতি কৰাত, মাজে মাজে হাতীত উঠি কাঁড় ধেনু লৈ বাঘ, বৰা পহু চিকাৰ কৰাত দিন-কাল নিয়াব ধৰিলে। ৰাজ্যতনো কি হৈছে কি নহৈছে একোৰে বুজ-বাতৰি নৰখাত পৰিল। ৰাজমাও দেউতাই বুঢ়াগোহাঁই আৰু মানৰ যুঁজত অসমীয়া ৰাইজ ভালেমানৰ মৃত্যুত শোক পালে। তদুপৰি দেশদ্ৰোহী বদন বৰফুকনেই এতিয়া উঠি ৰজা, বহি ৰজা হৈ ৰাজ্য চলোৱাত মনত বৰকৈ শোক যে পালেই তাৰ লগে লগে তেওঁৰ বদন বৰফুকনলৈ এটা অতিপাত ঘৃণা আৰু ক্ৰোধৰ ভাব হ'ল।। বদন বৰফুকনে কিন্তু পোনপ্ৰথমতে কেবা বেলিও ৰাজমাৱৰ হাউলিলৈ গৈ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৰে ৰাজকাৰ্যত পৰামৰ্শ ল'বলৈ বিচাৰিছিল; কিন্তু ৰাজমাৱে তেওঁৰ নামকে নুশুনা দেখি আনকি তেওঁৰ নামে জুইতো খৰি নিদিয়া দেখি তেওঁ আৰু পিছলৈ ৰাজমাৱলৈ কোনো ভয়কে নকৰি নিজে নিজে ৰাজ্য চলাবলৈ ধৰিলে। ৰজাই ৰাজকাৰ্যৰ বুজ-বতৰা নোলোৱা দেখি বৰফুকনে স্বেচ্ছাচাৰভাৱে ৰাজ্য শাসন কৰিবলৈ ধৰিলে। গুৱাহাটীত ভাং খুৱাই হাতীক বলিয়া কৰি কামৰূপীয়া ল'ৰা-তিৰোতাক বধ কৰোঁতা সেই অনৰ্থৰ ফলে দন্দুৱা দ্ৰোহ সৃজন কৰোঁতা বৰফুকনৰ সৰ্বগুণী পুত্ৰ দুজন জন্মি-পিয়লিয়ে এইবেলি উজনিত একাধিপত্য কৰিবলৈ পাই বুঢ়াগোহাঁই ফৈদৰ মানুহবিলাকক, আনকি ল'ৰা-তিৰোতাকো ধৰি ধৰি উগ্ৰ শাস্তি আৰু পৈশাচিক যন্ত্ৰণা দিবলৈ কম নকৰিলে। শুৱনি ধুনীয়া গাফৰু পালেই এই দুজনা বীৰ পুৰুষে সেই গাফৰুক চলে-বলে-কৌশলে সতীত্ব হৰণ কৰিবলৈ তোচ্ নেখাইছিল। এইবিলাক