সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰহদৈ লিগিৰী

ৰজাৰ পেটে পেটে খং উঠি আৰু বেজাৰ লাগি ৰাজমাৱৰ ওপৰত আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওপৰত জেদ ধৰিছিল। দ্বিতীয় কাৰণ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ভাবিছিল যে হিন্দু গাভৰুৱে ৰাণী হ’ব পালে তেওঁ বেছিকৈ সেৱা-শুশ্ৰূষা কৰিব আৰু আদৰ কৰিব। নিজৰ জাতৰ সাতঘৰীয়া আহোম গাভৰুৱে নিজকে ৰজাৰ সমান ভাবি তিমান শুশ্ৰূষা নকৰিব। চন্দ্ৰকান্ত ৰজাই ভবা কথাটো বোধকৰো একেবাৰে অমুলকো নহয়। আমি দুই-এঠাইত দেখিছো যে হীন জাতৰ কোনো কোনো উপপত্নীয়ে ওখ জাতৰ কোনো কোনো পুৰুষক সেৱা-শুশ্ৰূষাৰে, মিঠা কথাৰে ইমান বশ কৰে যে সেই পুৰুষে নিজৰ বিবাহিতা পত্নীক এলাগী কৰি মন দুখীয়া কৰে।

 যদিও ৰাজমাৱে গোহাঁইৰ জীয়ৰীক বোৱাৰী বুলি গ্ৰহণ কৰিছিল, তথাপি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে হ’লে এই বিবাহটো ভাল নুবুলিলে। ৰজাই তেওঁক নজনোৱাকৈ বিয়া কৰোৱাত বেয়াও পালে। তেওঁৰ ইচ্ছা আছিল ৰজাই তেওঁক সুধি-পুছি সাতঘৰ আহোমৰ কোনো এঘৰৰ জীয়ৰী বিয়া কৰাব। কিন্তু ৰজাই সেইটো নকৰি হিন্দুৰ গাভৰু বিয়া কৰালে। তেওঁ এইটোত বৰ বিষম পালে। তেওঁৰ ধ্ৰুব বিশ্বাস আছিল যে আহোম ৰজাসকলে শিৱসিংহৰ দিনৰে পৰা হিন্দুৰ গাভৰু বিয়া কৰোৱাত ৰাজকোঁৱৰসকল হিন্দুৰ তেজেৰে মিশ্ৰিত হৈ আৰু হিন্দুৰ সংসৰ্গত পৰি সবল পুষ্টিকৰ আহাৰ মদ-মঙহ এৰি দিনক দিনে দুৰ্বল হৈ গৈছিল। ফুলেশ্বৰী কুঁৱৰীয়ে কিদৰে ৰজাক বশ কৰি ভেড়াৰ দৰে কৰি নিজে ৰাজ্য শাসন কৰি মোৱামৰীয়া মহন্তক অপমান কৰি মহা অনৰ্থ মিলাইছিল এই কথা বুঢ়াগোহাঁইদেৱে পাহৰা নাছিল। এইবিলাক কাৰণতে বুঢ়াগাঁহাইদেৱে এই বিয়াটো ভাল নাপাই ৰজাক অকলৈ থাকিলৈ সেৱা কৰিলেও কোনোদিনেই ৰাণীক সেৱা-সৎকাৰ নকৰিছিল। এনেয়ে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে বুঢ়াগোঁহাইক ভাল নাপাইছিল; তাতে যেতিয়াই বুঢ়াগোঁহাইয়ে ৰাণীক সেৱা নকৰিলে, তেতিয়াই ৰজাৰ বুঢ়াগোহাঁইলৈ খং দুগুণ হৈছিল। এইটো সুবিধা পাই সৎৰামে বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰজাক সৰহকৈ লগাবলৈ চল পাইছিল। পৰিণামত ৰজা আৰু সৎৰাম এফলীয়া হ’ল। ৰাজমাও আৰু বুঢ়াগোহাঁই আনফলীয়া হ’ল। ৰজাই ৰহদৈক এৰি ৰাণীক বিয়া কৰাবৰে পৰা ৰহদৈৰ ৰজালৈ ভক্তি কমিল আৰু লগে লগে তাইৰ দয়াৰামলৈ পূৰ্ব অনুৰাগ বাঢ়িল। সৎৰামক তাইৰ সমস্ত দুখৰ আৰু অনৰ্থৰ কাৰণ ভাবি তাই সৎৰামক পেটে সৈতে ঘৃণা কৰি সৎৰামৰ সমস্ত ৰং-ধেমালি, অবজ্ঞা, ইতিকিং কিদৰে ৰাজমাও আৰু বুঢ়াগোহাঁইক জনাই আছিল এই কথা ‘ৰঙ্গিলী’ত আছে। ইয়াৰ পিছত বুঢ়াগোহাঁয়ে ৰজাক দিয়া এঙগা-চোলাৰ নিমিত্তে, আৰু বদন বৰফুকনক ধৰি আনিবলৈ পঠোৱাৰ কাৰণে