২৮ ৰহদৈ লিগিৰী কন্যাগৰাকীক ৰজাক দেখুৱাব লাগে বুলি কোৱাত গোসাঁইজনে মাহিন্দ্ৰী গাভৰুক লগতে আনি ৰজাক দেখুৱালে। ৰজাৰ পছন্দ হ'ল। দিন-বাৰ চোৱাই বিয়াৰ দিন স্থিৰ কৰি বিয়া পাতিলে। মাজুলীৰ সন্ত-মহন্ত সমস্ত সেই বিয়ালৈ আহিল। মহা ধুমধামেৰে টেমি-কটাৰী সলাই চকলং বিয়া পাতিলে। ৰাইজক জা-জলপান খুৱালে। বিয়া কৰোৱাৰ পাঁচ দিনৰ মূৰত ৰজাই ৰাণীক দোলাৰে লৈ নৈ পাৰ হৈ নগৰ পালে। ৰাজমাৱে গোসাঁইৰ জীয়াৰীক বোৱাৰী বুলি গ্ৰহণ কৰি আদৰি নিলে। একবিংশ অধ্যায় বুঢ়াগোহাঁই আৰু বুৰঞ্জী আমাৰ সহৃদয় পাঠক-পাঠিকাসকলে এইখিনিতে আসোঁৱাহ ধৰি আমাক সুধি পাৰে চন্দ্ৰকান্ত ৰজাইনো কেলেই নিজৰ সাতঘৰীয়া আহোমৰ এগৰাকী গাভৰু বিয়া নকৰাই আৰু ৰহদৈক “তোক ৰাণী কৰিম বুলি কৈয়ো” হঠাতে মাজুলীলৈ গৈ গোসাঁইৰ জীয়ৰী বিয়া কৰালে। ইয়াৰ উত্তৰত আমি ৰহদৈক বিয়া নকৰোৱা সম্পৰ্কে ইয়াকো ক'ব পাৰো যে তাইক বিয়া কৰোৱা সম্পৰ্কে ৰাজমাও আৰু বিশেষ তেওঁৰ সখি সৰামৰ পৰা বাধা পালে। এনেকি এনিশা ৰজাক নিশা শুশ্ৰূষা কৰোঁতে ভাদৈয়ে চকুৰ লো টুকি জনাইছিল “তাই আঘোণীয়েনো স্বৰ্গদেৱৰ চৰণত কি অপৰাধ কৰিছিল যে তেওঁবিলাককে দেখুৱাই হিন্দু জাতিৰ কাঁড়ী পাইকৰ ঘৰৰ জীয়ৰী এজনীক লিগিৰী গুচাই ৰাণী পাতিব খুজিছে।” ভাদৈ আকৌ আৰু এনিশা আঘোণীৰো সেই নিচিনা বেজাৰৰ কথা শুনি স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহে সদ্যহতে ৰহদৈক ৰাণী নাপাতি এই গোহাঁইৰ জীয়াৰীজনাক বিয়া কৰালে। চন্দ্ৰকান্ত ৰজা দুৰ্বল মনৰ নহৈ নিৰ্ভীক চিত্তৰ ৰজা হোৱা হ'লে তেওঁ কালৈকো ভয় নকৰি ৰহদৈক বিয়া কৰালেহেঁতেন। লগৰ লিগিৰী বিয়া নকৰাই জাতত হিন্দু হ'লেও এজন সন্মানিত গোহাঁইৰ জীয়ৰী বিয়া কৰোৱাত, কি ভাদৈ, কি আঘোণী, কি ৰাজমাও কেৱে আপত্তি কৰিব নোৱাৰিলে। সাতঘৰীয়া আহোমৰ ভিতৰত এগৰাকী গাভৰুক বিয়া নকৰাই যে ৰজাই ৰহদৈক এৰি হিন্দুৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰালে ইয়াৰ কাৰণ হয়তো কেৱে কেৱে ভাবিব পাৰে যে হিন্দুৰ গাভৰু আহোম গাভৰুতকৈ বেছি ধুনীয়া কাৰণেই ৰজা চন্দ্ৰকান্ত সিংহই সেইদৰে কৰিলে। দৰাচলতে সেইটো নহয়। হিন্দুৰ গাভৰুসকলতকৈ যে আহোম গাভৰুসকল কম ধুনীয়া সেইটো নহয়। আহোম গাভৰুসকলৰ ভিতৰতো সুন্দৰী গাভৰু আছিল। তথাপি ৰজাই যে হিন্দু গাভৰু বিয়া কৰালে ইয়াৰ এটা কাৰণ হ'ল ৰাজমাৱে ৰহদৈক বিয়া কৰাবলৈ বাধা কৰাত আৰু আহোম গাভৰু বিয়া কৰাবলৈ কোৱাত
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩১
অৱয়ব